![]()
নিউজ ডেস্কঃ
সেনাবাহিনী আৰু চোৰাংচোৱাৰ গোপন তথ্য কেনেদৰে অৰ্ণৱ গোস্বামীৰ ওচৰলৈ গ’ল? এইবাৰ প্রশ্ন তুলিলে বিজেপিৰ এসময়ৰ সহযোগী শিৱসেনাইও। গেৰুৱা-ঘনিষ্ঠ বুলি পৰিচিত সাংবাদিকজনে দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তাক প্রশ্নৰ মুখলৈ ঠেলি দিয়া বুলি অভিযোগ উদ্ধৱ থাকৰেৰ দলৰ। অর্ণৱৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলিও দাবী তুলিছে শিৱসেনাই।
শিৱসেনাৰ মুখপাত্র সঞ্জয় ৰাউতে কয়, ‘‘আমাৰ ভাব হয় দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ওপৰত প্রশ্নচিহ্ন তুলি দিছে অর্ণৱ গোস্বামীয়ে। বহু ক্ষেত্রত, প্রশাসনিক বিষয়াসকলৰ পৰাও সেনাবাহিনীৰ তথ্য গোপনে ৰখা হয়। কোনো জোৱানৰ পৰা যদি এই সংক্রান্তীয় কোনো নথি উদ্ধাৰ হয়, তেনেহ’লে তেওঁক কোর্ট মার্শাল কৰা হয়। তেনে ক্ষেত্ৰত অর্ণৱেতো পূৰ্বৰ পৰাই বালাকোট অভিযানৰ কথা জানিছিল। অর্থাৎ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে আপোচ কৰা হৈছে।’’ তেওঁৰ প্রশ্ন, ‘‘এই ক্ষেত্ৰত দেশৰ গৃহমন্ত্রী আৰু প্রতিৰক্ষামন্ত্রীৰ কি মত? সেনাবাহিনীৰ বাবেও বিষয়টো অত্যন্ত উদ্বেগৰ। আমি জানিব বিচাৰো, অর্ণৱক কোর্ট মার্শাল কৰা হ’ব নেকি?’’
উল্লেখ্য, পুলৱামা আক্ৰমণৰ প্ৰত্যুত্তৰত ২০১৯ চনৰ ২৬ ফেব্রুৱাৰীত পাকিস্তানৰ বালাকোটত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলায় ভাৰতীয় বায়ুসেনাই। সেই বালাকোটক লৈ অর্ণৱৰ এটি হোৱাটছএপ কথোপকথন ফাদিল হৈছে সম্প্রতি। তাত ২৩ ফেব্রুৱাৰীত ব্রডকাষ্ট অডিয়েন্স ৰিছার্চ কাউন্সিলৰ প্রাক্তন চিইও পার্থ দাসগুপ্তাৰ সৈতে সেনাৰ পৰিকল্পনা সন্দৰ্ভত কথা পতা দেখা গৈছে অর্ণৱক, য’ৰ পৰা স্পষ্ট যে বায়ুসেনাই বালাকোটত যে অভিযান চলাবলৈ গৈছে সেই কথা আগৰ পৰাই জানিছিল অর্ণৱ গোস্বামীয়ে। উত্তৰত পার্থই তেওঁক জনাইছিল, ‘বিগ মেন’ৰ পক্ষে সেয়া ভালেই হ’ব। দেশবাসী আনন্দিত হ’ব। তেওঁ নিৰ্বাচনত বৃহৎ জয় লাভ কৰিব৷’












