![]()
নিউজ ডেস্কঃ
কাশ্মীৰত সন্ত্ৰাসবাদীৰ বাবে নতুন আত্মসমর্পণ নীতি সৃষ্টি কৰিব বিচাৰে ভাৰতীয় সেনাই। তাকে লৈ কেন্দ্রৰ সৈতে আলোচনাও চলিছে৷ দেওবাৰে এই কথা জনালে ১৫ কর্পছৰ কমাণ্ডাৰ অফিচাৰ লেফটেনেণ্ট জেনেৰেল বিএছ ৰাজুই। উপত্যকাটোত এতিয়াও যুৱকসকলক ভুলকৈ বুজাই সন্ত্ৰাসবাদী দললৈ টানি থকা হৈছে। অৱশ্যে বিগত দশকৰ তুলনাত এই দশকক সন্ত্ৰাসবাদী দলত যোগদানৰ হাৰ বহুখিনি কম আৰু সেয়া নিয়ন্ত্রণত ৰখা হৈছে বুলিও তেওঁ জনায়।
উল্লেখ্য, বিগত ছমাহত ১৭ জন সন্ত্ৰাসবাদীয়ে সেনাৰ ওচৰত আত্মসমর্পণ কৰিছে। তেওঁলোকৰ ভৰণ-পোষণৰ দায়িত্ব সেনাই ল’ব বুলিও তেওঁ কয়। সেনাৰ কর্পছৰ টুইটাৰ হেণ্ডেলৰ পৰা পোষ্ট কৰা এটি ভিডিও সাক্ষাৎকাৰত তেওঁ কয়, ‘কাশ্মীৰৰ যিসকল যুৱকে সন্ত্ৰাসবাদী দলত যোগ দিছে তেওঁলোকৰ উদ্দেশ্যে ক’ব বিচাৰোঁ– তোমালোক ঘূৰি আহিব পাৰা। তোমালোকৰ চোৱাচিতাৰ দায়িত্ব আমি ল’ম। নির্দিষ্ট কোনো সংগঠন, সন্ত্ৰাসবাদীৰ পৰিয়ালৰ উদ্দেশ্যেও এই ধৰণৰ বার্তা দি আহিছোঁ আমি। যিয়ে যিয়ে সন্ত্ৰাসবাদী দলত গৈছা, তেওঁলোকক ঘূৰি অহাৰ বাবে অনুৰোধ জনাইছোঁ। সন্ত্ৰাসবাদ দমন অভিযানৰ সময়তো তোমালোকে আত্মসমর্পণ কৰিব পাৰা। পৰিয়াল বা আমাৰ হেল্পলাইন নম্বৰত ফোন কৰি জনালেই আমি সকলো ব্যৱস্থা কৰি দিম।’












