![]()
নিউজ ডেস্কঃ
খবৰ মতে, বাইডেন প্রশাসনত গুৰুত্বপূর্ণ পদ পাবলৈ আগবাঢ়িছে ২০ জন ভাৰতীয় বংশোদ্ভৱে। ২০ জানুৱাৰীত আমেৰিকাৰ ৪৬সংখ্যক ৰাষ্ট্ৰপতি হিচাবে শপত ল’ব জো বাইডেনে। উপ-ৰাষ্ট্ৰপতি পদত শপত ল’ব আৰু এগৰাকী ভাৰতীয় বংশোদ্ভৱ কমলা হেৰিছে। ইয়াৰ পূৰ্বে কোনো ভাৰতীয় বা আফ্রিকান বংশোদ্ভৱ এই পদত অধিষ্ঠিত হোৱা নাছিল।
চাওঁ আহক কোন কোন ভাৰতীয় বংশোদ্ভৱে বাইজেন চৰকাৰত স্থান লাভ কৰিবঃ

• নীৰা টাণ্ডেন হ’ব হোৱাইট হাউছ অফিচ অব মেনেজমেণ্ট এণ্ড বাজেট বিভাগৰ সঞ্চালক।
• মার্কিন ছার্জেন জেনাৰেল পদত অধিষ্ঠিত হ’ব বিবেক মূর্তি।
• ন্যায় বিভাগৰ এছোচিয়েট এটর্নি জেনেৰেল পদত বনিতা গুপ্তাক মনোনীত কৰিছে বাইডেনে।
• প্রাক্তন ফৰেইন ছার্ভিচ বিষয়া উজৰা জেয়াক বিদেশ বিভাগৰ আণ্ডাৰ ছেক্রেটাৰী মনোনীত কৰা হৈছে।
• ফাৰ্ষ্ট লেডী জিল বাইডেনৰ পলিচি ডিৰেক্টৰ হিচাবে নিযুক্ত হ’ব মালা আদিগা।
• ফাৰ্ষ্ট লেডীৰ বিভাগৰ ডিজিটেল সঞ্চালক হিচাবে নিযুক্ত হৈছে গৰিমা বার্মা।
• ডেপুটি প্রেছ ছেক্রেটাৰী পদত ছাবৰিনা সিং।
• হাউছ ডিজিটেল ষ্ট্ৰেটেজি বিভাগৰ পার্টনাৰশ্বিপ মেনেজাৰ পদ নিযুক্ত হৈছে কাশ্মীৰী মূলৰ আয়েশা শ্বাহ।
• নেচনেল ইকনমিক কাউন্সিলৰ ডেপুটি ডিৰেক্টৰ পদ পাব পাৰে সমীৰা ফজিলিয়ে।
• ভৰত ৰামমূর্তি হোৱাইট হাউছ নেচনেল ইকনমিক কাউন্সিলৰ ডেপুটি ডিৰেক্টৰ নিযুক্ত হৈছে।
• অ’বামা প্রশাসনত থকা গৌতম ৰাঘৱনে এইবাৰ অফিচ অব প্রেছিডেনচিয়েল পাৰ্ছনেলৰ ডেপুটি ডিৰেক্টৰ পদ পাব।
• বিনয় ৰেড্ডি হ’ব ডিৰেক্টৰ স্পিচৰাইটিং।

• তৰুণ বেদান্ত পেটেল হ’ব ৰাষ্ট্ৰপতিৰ এছিষ্টেণ্ট প্রেছ ছেক্রেটাৰি।
• হোৱাইট হাউছৰ ৰাষ্ট্ৰীয় নিৰাপত্তা কাউন্সিলত আছে তিনি ভাৰতীয় বংশোদ্ভৱ ক্ৰমে তৰুণ ছাবড়া, সুমনা ঘোষ, শান্তি কালাছথিল।
• হোৱাউট হাউছৰ জলবায়ু নীতি নির্ধাৰণ বিভাগৰ অন্যতম ছিনিয়ৰ উপদেষ্টা হ’ব ছনিয়া আগৰৱালা।
• হোৱাইট হাউছ কোভিড ৰেছপন্স টীমৰ নীতি উপদেষ্টা হ’ব বিদূৰ শর্মা।
• হোৱাইট হাউছ কাউন্সিলত স্থান লাভ কৰিছে নেহা গুপ্ত আৰু ৰিমা শ্বাহে।












