ASSAM TIMES POST
গুৱাহাটীঃ উন্নীত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰকাশলৈ মাজত মাথো কেইটামান দিন বাকী থকা সময়তে শুকুৰবাৰে আছু আৰু আমছুক আক্ৰমণৰ লক্ষ্য কৰি লয় বিজেপিৰ বিধায়ক শিলাদিত্য দেবে। দেবে কয় যে বাংলাদেশী মুছলমানৰ নাম থকা এনআৰচি প্ৰকাশ হ’বলৈ গৈ আছে। এই এনআৰচিয়ে অসমীয়া জাতিক ধ্বংস কৰিব। মদন মল্লিক নামৰ এজন শ্বহীদৰ পৰিয়াললৈ বিদেশী বুলি জাননী আহিছে বুলি তেওঁ উল্লেখ কৰি কয় যে আছুৱে ৮৫৫জন শ্বহীদৰ কথা কয়, কিন্তু শ্বহীদক অপমান কৰাৰ সময়ত মিঠাই খাই আছে। আমছুকো কটাক্ষ কৰি শিলাদিত্য দেবে কয়, ‘আমছুৱে কিয় এজনো বিদেশী মুছলমান চিনাক্ত কৰি দিব পৰা নাই।’ নৱেম্বৰৰপৰা এনআৰচিৰ বিৰুদ্ধে মহা আন্দোলন হ’ব বুলি কৈ বাংলাদেশী মুছলমানৰ নাম অন্তৰ্ভুক্ত হোৱা এনআৰচিৰ সকলো কাম বন্ধ কৰি দিব লাগে বুলি উল্লেখ কৰে।