![]()
নিউজ ডেস্কঃ
মহামাৰিক পৰাজিত কৰিবলৈ ভাৰতত আৰম্ভ হ’ল টীকাকৰণ প্রক্রিয়া। ইয়াৰ মাজতে স্বদেশী কোভেক্সিনৰ কার্যকাৰিতা সন্দৰ্ভত আতঙ্ক থাকিয়েই গ’ল। আৰু এই আতঙ্কৰ ফলত কোভেক্সিন ল’বলৈ অস্বীকাৰ কৰিলে দিল্লীৰ ৰাম মনোহৰ লোহিয়া হস্পিটেলৰ চিকিৎসকসকলে। কোভিড যোদ্ধাসকলৰ স্পষ্ট কথা, ট্রায়েল শেষ নোহোৱা পর্যন্ত কোভেক্সিন তেওঁলোকে নলয়। টীকা হিচাবে কোভিশিল্ড তেওঁলোকৰ প্রথম পছন্দ।
এই বিষয়ত ছুপাৰক পত্ৰও দিছে দিল্লীৰ হস্পিটেলখনৰ ৰেছিডেন্ট চিকিৎসকসকলে। পত্ৰত জনাইছে, ট্রায়েল প্রক্রিয়া শেষ কৰাৰ পিছতেই কোভেক্সিন ল’ব তেওঁলোকে। সম্প্ৰতি কোভিশিল্ডকেই দিয়াৰ দাবী জনাইছে চিকিৎসকসকলে। জানিব পৰা মতে, আতঙ্কত বহু চিকিৎসক, স্বাস্থ্যকর্মীয়ে টীকাকৰণ প্রক্রিয়াত অংশই লোৱা নাই। ভেকচিন লোৱাৰ তালিকাত নামেই লেখা নাই বহু চিকিৎসকে। এই প্রসঙ্গত নীতি আয়োগৰ সদস্য ভি কে পলে কয়, “কোভেক্সিন সম্পূর্ণ নিৰাপদ। চিকিৎসকসকলে চৰকাৰৰ ওপৰত ভৰসা ৰখা উচিত।”
ইফালে আজি কোভেক্সিন সন্দৰ্ভত এই আতঙ্ক বঢ়াইছে আৰু এটি ঘটনাই। ভাৰত বায়োটেকৰ কোভেক্সিন টীকা লোৱাৰ এখন কনচেন্ট ফর্মত স্বাক্ষৰ কৰিব লগা হৈছে। য’ত বহু চর্তৰ উল্লেখ কৰা হৈছে। উল্লেখ্য, কোভিশিল্ড টীকা লোৱাৰ ক্ষেত্রত এনে ধৰণৰ কোনো ফর্মত স্বাক্ষৰ কৰিব নালাগে। ফলত বিশ্বৰ বৃহত্তম টীকাকৰণ প্রক্রিয়া আৰম্ভৰ দিনাও স্বদেশী ভেকচিনৰ সুৰক্ষা আৰু কার্যকাৰিতাক লৈ প্রশ্ন থাকিয়েই গ’ল।












