![]()
নিউজ ডেস্কঃ
বজাৰ দখলৰ প্রতিযোগিতাত নামি গুণমানৰ সৈতে আপোচ কৰা হোৱা নাইতো? নোভেল কৰোনাৰ প্রতিষেধকক লৈ যেনেদৰে সমগ্ৰ বিশ্বত টনা-টনি লাগিছে, তাক লৈ ইমান দিনে এনেদৰেই সংশয় প্রকাশ কৰিছিল বিশেষজ্ঞসকলে। সেই উদ্বেগ এইবাৰ ধৰা পৰিল নৰৱে’তো। আমেৰিকাৰ ফাইজাৰ আৰু জার্মানীৰ বায়োএনটেক কোম্পানীৰ প্রতিষেধক লোৱাৰ পিছতেই ৰাষ্ট্ৰখনত ২৩ প্রবীণ নাগৰিকৰ মৃত্যু হোৱা বুলি অভিযোগ। আনহাতে, বহু কেইজন অসুস্থ হৈ পৰা বুলি জানিব পৰা গৈছে।
ব্লুমবার্গত প্রকাশিত এটি ৰিপোর্ট অনুযায়ী, কোভিডৰ ফলত সম্প্রতি ২৩ জন নাগৰিকৰ মৃত্যু হয় নৰৱে’ত। তেওঁলোকৰ ভিতৰত বেছিভাগৰেই বয়স ৮০ পাৰ হৈছে। তেওঁলোকৰ মৃত্যুৰ কাৰণ ব্যাখ্যা কৰিবলৈ গৈ দেশখনৰ চিকিৎসকসকলে জনাইছে, কৰোনাৰ প্রতিষেধক গ্রহণৰ পিছতেই মৃত লোকসকলৰ শৰীৰত ভয়ঙ্কৰ প্রতিক্রিয়া দেখা দিয়ে। বিষয়টো সন্দৰ্ভত তদন্তৰ নির্দেশ দিছে নৰৱে’ চৰকাৰে।
লগতে ফাইজাৰ আৰু বায়োএনটেকৰ প্রতিষেধকৰ সৈতে উক্ত ২৩ জনৰ মৃত্যুৰ পোনপটীয়া কিবা সংযোগ আছে নেকি, নিশ্চিতভাবে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। সংক্রামক ৰোগ প্রতিৰোধী এমআৰএনএ প্রতিষেধক লোৱাৰ পিছত সাধাৰণতে ডায়েৰিয়া, জ্বৰ আৰু বমি বমি ভাব দেখা দিয়ে। প্রতিষেধক গ্রহণৰ পিছত মৃতসকলৰ ভিতৰত ১৩ জনৰ মাজত একেই ধৰণৰ পার্শ্বপ্রতিক্রিয়া দেখা গৈছিল বুলি দাবী দেশখনৰ স্বাস্থ্য বিষয়াসকলৰ।












