![]()
নিউজ ডেস্কঃ
দেশজুৰি আৰম্ভ হ’ল বিশ্বৰ বৃহত্তম টীকাকৰণ অভিযান। শনিবাৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদিয়ে। ৰাষ্ট্রক উদ্দেশ্যি দিয়া ভাষণত কোভিড যোদ্ধাসকলৰ প্রশংসাত পঞ্চমুখ হয় প্রধানমন্ত্রী। তেওঁ কয়, ‘সঙ্কটৰ দিনত তেওঁলোকেই আমাক আশাৰ পোহৰ দেখাইছে। আমাক বচাবলৈ তেওঁলোকৰ জীবনক সংকটত পেলাইছে। ঘৰৰ বাহিৰত থাকি, পৰিয়াল–পৰিজনৰ পৰা দূৰত থাকি দিনৰ পিছত দিন ত্যাগ স্বীকাৰ কৰি গৈছে চিকিৎসক, নাৰ্ছ, আশাকর্মী, আৰক্ষীসকলে। সেয়ে আৰম্ভণিতেই তেওঁলোকক টীকা দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।’
টীকাকৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আজি দিল্লীৰ এইমছত উপস্থিত হয় কেন্দ্রীয় স্বাস্থ্যমন্ত্রী হর্ষ বর্ধন। তেওঁৰ উপস্থিতিতেই প্রথম টীকা লয় মণীষ কুমাৰ নামৰ এজন চাফাইকর্মীয়ে। টীকা লয় এইমছৰ ডিৰেক্টৰ ৰণদীপ গুলেৰিয়াইও।
আনহাতে, টীকাকৰণ কাৰ্যসূচীক লৈ সৃষ্টি হোৱা গুজৱত কাণ নিদিবলৈ কয় প্রধানমন্ত্রী নৰেন্দ্র মোদিয়ে।












