![]()
নিউজ ডেস্কঃ
চলিত বছৰত ভাৰতৰ টেলিকম জগতত বৃহৎ পৰিবর্তন আহিব পাৰে। দেশৰ প্রত্যন্ত এলেকাতো ৪জি সেৱা উপনীত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি জিঅ’, এয়াৰটেল-ভিয়ে তেওঁলোকৰ সেৱাৰ মূল্য বৃদ্ধি কৰিব পাৰে। ইতিমধ্যে ২০২১ চনত ৫জি নেটৱর্ক আৰম্ভ কৰাৰ প্রতিশ্রুতি দিছে মুকেশ আম্বানিৰ জিঅ’ই।
২০২১ চনত ভাৰতৰ টেলিকম জগতত এই পাঁচটি পৰিবর্তন দেখা যাব পাৰে।
১। ৪জি ৰিচার্জৰ মূল্যবৃদ্ধি
চলিত বছৰতেই ৪জি ৰিচার্জৰ মূল্য বৃদ্ধি হ’ব পাৰে জিঅ’ আৰু এয়াৰটেল-ভিৰ। বিশেষজ্ঞসকলে জনাইছে, সকলো ৰিচার্জৰ মূল্য ১৫-২০ শতাংশ বাঢ়িব পাৰে। ২০১৯ চনৰ ডিচেম্বৰত এবাৰ দাম বৃদ্ধি কৰিছিল এই তিনি কোম্পানিয়ে। এইবাৰ পুনৰ বাঢ়িব পাৰে টেলিকম সেৱাৰ মূল্য।
২। প্রধানমন্ত্রীৰ বিনামূলীয়া ৱাই-ফাই সেৱা
দেশত ৱাৰলেছ টেলিকম সেৱাৰ উন্নতিৰ বাবে আহিছে পিএম ৱানি। এই সেৱাত সাধাৰণ মানুহে বিনামূল্যত পাবলিক ৱাই-ফাই ব্যৱহাৰ কৰিব পাৰিব। ২০২০ চনৰ ডিচেম্বৰত এই প্ৰকল্প ঘোষণা কৰিছিল কেন্দ্রই।
৩। ৩জি সেৱাৰ সমাপ্তি
ইতিমধ্যেই বেঙ্গালুৰু আৰু চেন্নাইত ৩জি সেৱা বন্ধৰ সিদ্ধান্ত লৈছে ভিয়ে। ১৫ জানুৱাৰীৰ পৰা দিল্লীতো বন্ধ হৈছে ৩জি সেৱা। লাহে লাহে সকলো কোম্পানিয়েই সমগ্ৰ দেশত ৩জি সেৱা বন্ধ কৰি দিব পাৰে। আৰু সেয়া হ’ব পাৰে এই বছৰতেই।
৪। ওটিপি ফেজআউট
চলতি বছৰত ওটিপিৰ মাধ্যমেৰে ভেৰিফিকেচনৰ নতুন পদ্ধতি লৈ আহিছে এয়াৰটেল, ভি আৰু জিঅ’ই। এই উপায়ত টেলিকম কোম্পানিৰ মাধ্যমেৰে বিভিন্ন ৱেবছাইট আৰু এপত লগ ইন কৰিব পৰা যাব। সেয়ে ইউজাৰনেম আৰু পাছৱর্ড মনত ৰখাৰ দিন শেষ হ’বলৈ আগবাঢ়িছে।
৫। ৫জি লঞ্চ
চলতি বছৰতেই ভাৰতত প্রথম ৫জি নেটৱর্ক আনিব পাৰে জিঅ’ই। কোম্পানিটোৱে জনাইছে যে ২০২১ চনৰ দ্বিতীয়ার্ধত প্রথম ৫জি সেৱা আৰম্ভ হ’ব। এই পথত খোজ দি ৫জি সেৱা আনিব পাৰে এয়াৰটেল আৰু ভোডাফোনে (ভি)।












