![]()
নিউজ ডেস্কঃ
আজিৰ পৰা আৰম্ভ হ’ল অযোধ্যাত ৰাম মন্দিৰ নির্মাণৰ বাবে বৰঙণি সংগ্রহ। আৰু প্রথমদিনাই ৰাষ্ট্রপতি ৰামনাথ কোবিন্দে ৰাম মন্দিৰ ট্রাষ্টৰ হাতত তুলি দিলে পাঁচ লাখ টকা অনুদান। অহা ২৭ ফেব্রুৱাৰী পর্যন্ত এই বৰঙণি সংগ্রহ অভিযান চলিব।
শুক্রবাৰে ৰাষ্ট্রপতি কোবিন্দক সাক্ষাৎ কৰে শ্রীৰাম জন্মভূমি তীর্থক্ষেত্র ট্রাষ্টৰ উপ-সভাপতি গোবিন্দদেৱ গিৰিজি মহাৰাজে। তেওঁৰ সৈতে আছিল বিশ্ব হিন্দু পৰিষদৰ কার্যকৰী সভাপতি অলোক কুমাৰ, মন্দিৰ নির্মাণ কমিটিৰ প্রধান নৃপেন্দ্র মিশ্র আৰু আৰএছএছ নেতা কুলভূষণ আহুজা।
তেওঁলোকৰ হাততেই পাঁচ লাখ এশ টকাৰ চেক তুলি দিয়ে ৰাষ্ট্রপতিয়ে। প্রসঙ্গত উল্লেখ্য, ১০, ১০০ আৰু ১ হাজাৰ টকাৰ ৰচিদত অনুদান সংগ্রহ কৰা হ’ব সাধাৰণ মানুহৰ পৰা। কিন্তু এই ট্রাষ্টত চৰকাৰী কোনো পুঁজিৰ পৰা অর্থসাহায্য গ্রহণ কৰা নহ’ব বুলি জনাইছে স্বেচ্ছাসেৱকসকলে। লগতে বিদেশৰ পৰা বা কর্পোৰেট গোষ্ঠীৰ পৰা বৰঙণি দিব বিচাৰিলেও সেয়া গ্ৰহণ কৰা নহ’ব বুলি জনাইছে তেওঁলোকে।












