![]()
নিউজ ডেস্কঃ
মাহত ৩০০০ মার্কিন ডলাৰ। ২০১৭ৰ ছেপ্টেম্বৰৰ পৰা কেৱল শৌচাগাৰৰ বাবে ১,০০,০০০ মার্কিন ডলাৰ ভাড়া দিছে ইভাঙ্কা ট্রাম্প আৰু জাৰেড কুশনাৰৰ বাসভৱনৰ নিৰাপত্তাৰ দায়িত্বত থকা আমেৰিকাৰ চিক্রেট ছার্ভিছ এজেন্টসকলে। তাৰ একমাত্র কাৰণ, তেওঁৰ ছয়টি শয়ন কক্ষ আৰু প্রায় সাতটি শৌচাগাৰ সম্বলিত ৫০০০ বর্গফুট বাসভৱনৰ এটি শৌচাগাৰো নিৰাপত্তাকর্মীসকলক ব্যৱহাৰ নকৰিবলৈ আদেশ দিছিল বিদায়ী মার্কিন ৰাষ্ট্ৰপতিৰ কন্যাই। ফলত বাধ্য হৈয়ে ৱাশ্বিংটনৰ অভিজাত কেলোৰামা কলনিত ইভাঙ্কাৰ বাসভৱনৰ দায়িত্বাধীন নিৰাপত্তাকর্মীসকলৰ কাৰণে অন্য কোনো শৌচাগাৰৰ সন্ধান কৰে।
অৱশেষত প্রাক্তন মার্কিন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ ঘৰৰ কাষতে এজন বাসিন্দাই মাহত ৩০০০ মার্কিন ডলাৰ ভাড়াত তেওঁৰ ঘৰৰ শৌচাগাৰ ব্যৱহাৰ কৰিবলৈ দিবলৈ ৰাজী হৈছিল। আৰু এই বিপুল অঙ্কৰ ভাড়াৰ টকা তোলা হৈছিল কৰদাতাসকলৰ পৰাই। অৱশ্যে হোৱাইট হাউছৰ মুখপাত্রই এই কথা অস্বীকাৰ কৰি ওলোটাই দাবী কৰে যে নিৰাপত্তাৰক্ষীসকলে নিজেই সিদ্ধান্ত লৈছিল পৃথক শৌচাগাৰ ব্যৱহাৰৰ।
উল্লেখযোগ্য যে কেলোৰামা কলনিত অন্য বাসিন্দাসকলৰ ভিতৰত আছে বর্তমানৰ উপ-ৰাষ্ট্ৰপতি মাইক পেন্স, এমাজনৰ প্রতিষ্ঠাতা জেফ বেজোছৰ দৰে লোকসকল।












