ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : আজি পৱিত্ৰ ভোগালী বিহুৰ প্ৰাক ক্ষণত সুদুৰ আমেৰিকাৰ পৰা ভাৰ্চুৱেলি কার্বি আৰু অসমীয়া ভাষাত সাহিত্য চর্চা কৰা ডিফুৰ চিকাৰী তিছ’লৈ আমেৰিকাৰ লেংগুয়েজটিক ছ’চাইটিয়ে ২০২১ বর্ষৰ সন্মানীয় এক্সেলেন্ট ইন কমিউনিটি লেংগুৱেজটিক এবার্ড আগবঢ়াইছে।
চিকাৰী তিচ’ৰ মেইনটিলাস্থিত লংজংছাৰ’পৰ বাসগৃহত অসম সাহিত্য সভাৰ কাৰবি আংলং শাখা, কাৰবি লামেট আমেই আৰু গুণমুগ্ধ সকলৰ উপস্থিতিত ভাৰ্চুৱেলি এই বঁটা গ্ৰহণ কৰে চিকাৰী তিচ’ৱে ৷
দীর্ঘদিনৰ পৰা কার্বি ভাষাৰ বিষয়ত নিৰলে গবেষণাৰত চিকাৰী তিছ’ই আমেৰিকাৰ গৱেষক লিন্দা কৰনাটক কার্বি ব্যাকৰণ লিখাৰ বাবে ৫ বছৰ ধৰি তিছ’ই সহযােগিতা আগবঢ়াই আহিছিল। বর্তমান নিজাকৈ এখন কার্বি অভিধানৰ কাম কৰি থকাৰ লগতে ৮টা জনজাতীয় ভাষাত হব লগা এখন শব্দকোষৰ মুখ্য সম্পাদক ৰূপে কাম কৰি আছে।
কার্বি সাধুকথা, কার্বি লােক সংস্কৃতিৰ হেৰাই যাব ধৰা সম্পদসমূহ একত্রিত কৰি প্রকাশ কৰি আহিছে।চিকাৰী তিছই। ইয়াৰ লগতে অসমৰ বিভিন্ন কাকত আলােচনীত তিছই অসমীয়া ভাষাত লিখি আহিছে বিভিন্ন প্রবন্ধ।
কার্বি সাহিত্য তথা অসমলৈ অহা এই সুখবৰে বৌদ্ধিক মহলক আনন্দিত কৰিছে। আজি চিকাৰী তিছ’ব বাসগৃহত কার্বি আংলং জিলা প্রেছ ক্লাবৰ লগতে বিভিন্ন শুভাকাংখী আৰু দল- সংগঠনে তেওঁক সম্বর্ধনা জ্ঞাপন কৰা হয়।
গুণমুগ্ধ সকলে তিছ’ৰ কর্মবাজিৰ প্রতি এয়া প্রকৃত সন্মান বুলি অভিহিত কৰে। এৱাৰ্ড গ্ৰহণ কৰি তিছই এইয়া কার্বি আংলঙৰ কার্বি ভাষাৰ প্রতি জনােৱা সন্মান বুলি অভিহিত কৰি এই বিটাই তেওঁক কাম কৰাৰ বাবে অধিক প্রেৰণা যােগালে বুলি কয়।