নিউজ ডেস্কঃ
প্ৰচণ্ড শীতত কঁপিছে দিল্লী-NCR অঞ্চলৰ লগতে সমগ্ৰ উত্তৰ ভাৰত । কেৱল শীতেই নহয় কুঁৱলীয়ে ঢাকি ৰাখিছে সমগ্ৰ উত্তৰ ভাৰত । দিল্লীত বুধবাৰে নিম্নতম তাপমাত্ৰা আছিল ৪.৮°C । একেদিনাই দেশৰ ৰাজধানী চহৰো ঘন কুঁৱলীয়ে ঢাকি ৰাখিছিল ৷ পঞ্জাৱ, হাৰিয়ানা, উত্তৰাখণ্ড, জম্মু-কাশ্মীৰতো নামিছে প্ৰচণ্ড শীত ।
পৰবৰ্তী ৪-৫ দিন শীতৰ সম্ভাৱনা থকাৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অ’ৰেঞ্জ এলাৰ্ট জাৰি কৰিছে দিল্লী, পঞ্জাৱ, হাৰিয়ানা, চণ্ডিগড় আৰু ৰাজস্থানত ৷ এই অঞ্চলসমূহত শীতৰ প্ৰকোপ বৃদ্ধি পাব বুলি ভৱিষ্যতবাণী কৰিছে বতৰ বিজ্ঞান বিভাগে । ইয়াৰোপৰি, উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশতো শীতৰ প্ৰকোপ বৃদ্ধি হোৱাৰ আশংকা প্ৰকাশ কৰিছে বিভাগটোৱে ।