নিউজ ডেক্স:
কিশোৰীক ধর্ষণ কৰি সেই ঘটনাৰ ভিডিও কৰাৰ অভিযোগ উঠিল তেওঁৰেই প্রেমিক আৰু ৪ বন্ধুৰ বিৰুদ্ধে। ঘটনাটি ঘটিছে উত্তৰ প্রদেশৰ বৰেলীত।
অভিযোগ, কিশোৰীগৰাকীক বিয়ে কৰোৱাৰ প্রতিশ্রুতি দি এবছৰৰো বেছি সময় ধৰি ধর্ষণ কৰে তেওঁৰ প্রেমিকে। কেৱল সেয়াই নহয়, ঘটনাৰ ছবি আৰু ভিডিও কৰি সেইবোৰ ১ জানুৱাৰীত অনলাইনত এৰি দিয়ে। নিৰ্যাতিতা কিশোৰীগৰাকীৰ অভিযোগ, সেই ছবি দেখাই বাৰম্বাৰ ব্লেকমেইল কৰে তেওঁক। ভয় দেখাই একাধিকবাৰ ধর্ষণ কৰে প্রেমিক আৰু তেওঁৰ বন্ধুসকলে।
বিষয়টি সম্প্রতি প্রকাশ্যে অহাত অভিযুক্ত কেইজনৰ এজনে সেই ভিডিও ছচিয়েল মিডিয়াত ভাইৰেল কৰাৰ পিছত। তাৰ পিছতেই কিশোৰীগৰাকীৰ পৰিয়ালে এটি অভিযোগ দাখিল কৰে।
সেই অভিযোগৰ ভিত্তিতে কিশোৰীগৰাকীৰ প্রেমিক আৰু তেওঁৰ ৪ বন্ধুৰ সন্ধানত তালাচী আৰম্ভ কৰে আৰক্ষীয়ে। বেৰেলীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সত্যনাৰায়ণ প্রজাপতে জনোৱা মতে, অতি শীঘ্ৰে অভিযুক্তৰ সন্ধান উলিয়াবলৈ প্রয়োজনীয় ব্যৱস্থা লোৱা হ’ব।