![]()
নিউজ ডেস্কঃ
তিনিখন নতুন কৃষি আইনত স্থগিতাদেশ দিলে ছুপ্রিম কোর্টে। নতুন কৃষি আইনৰ বৈধতা পৰীক্ষা কৰিবলৈ এখন কমিটিও গঠন কৰিলে শীর্ষ আদালতে। অর্থাৎ যিমান দিনলৈ পৰবর্তী সিদ্ধান্ত দিয়া নহয়, সিমান দিনলৈ আইনকেইখন কার্যকৰী কৰিব নোৱাৰিব।
উল্লেখযোগ্য যে সম্পূর্ণভাবে আইন প্রত্যাহাৰ কৰিব লাগিব বুলি চৰকাৰক বিতর্কিত ৩ কৃষি আইন সন্দৰ্ভত আগতেই নিজৰ অৱস্থান স্পষ্ট কৰি দিছিল কৃষকসকলে।
কিন্তু আইন তিনিখনৰ বৈধতা পৰীক্ষা কৰিবলৈ কমিটি গঠনৰ বাহিৰে বিকল্প পথ নাই বুলি জনাই দিলে ছুপ্রিম কোর্টে। আদালতে জনাইছে, পাঁচ সদস্যৰ কমিটি গঠনৰ সিদ্ধান্ত এটি বিচাৰ বিভাগীয় প্রক্রিয়া।
আইন স্থগিত ৰখাৰ ক্ষমতা আছে আমাৰ। কিন্তু অনির্দিষ্টকালৰ বাবে আইন স্থগিত ৰাখিব পৰা নাযায়। উল্লেখযোগ্য যে কেন্দ্রীয় চৰকাৰৰ কৃষি আইনৰ বিৰোধিতা কৰি আদালতত জমা হোৱা পিটিচনৰ ওপৰত মঙ্গলবাৰে দ্বিতীয় পৰ্যায়ত তাৰ শুনানি দি আদালতে জনায়, ‘ইয়াৰ সৈতে জীবন আৰু মৃত্যু জড়িত। আইন তিনিখনক লৈ অত্যন্ত উদ্বিগ্ন আমি।
একেৰাহে চলি থকা আন্দোলনৰ ফলত মানুহৰ জীবন-যাত্রা আৰু সম্পত্তিৰ ওপৰত প্রভাব পৰিছে। যিমান ভালদৰে সম্ভব সমস্যা সমাধানৰ আমি চেষ্টা কৰিছো।’
লগতে কৃষকসকলে যাতে ৰাস্তা বন্ধ কৰি বিক্ষোভ নকৰি ৰামলীলা ময়দানত তেওঁলোকৰ আন্দোলন চলাবৰ বাবে দিল্লী আৰক্ষী আয়ুক্তৰ পৰা অনুমতি বিচাৰে তাৰ পৰামর্শও দিয়ে মুখ্য ন্যায়াধীশ এছ এ বোবদেই।












