![]()
নিউজ ডেস্ক
গোবৰৰ পৰা তৈয়াৰী পৰিবেশ-বান্ধৱ ৰং। আজিৰ পৰাই উপলব্ধ হ’ব দেশৰ বজাৰত। হয়, নীতিন গাডকাৰীৰ হাতেৰে খাদী গ্রামোদ্যোগ আয়োগে বজাৰলৈ আনিবলৈ আগবাঢ়িছে এই বিশেষ ৰং যাৰ নাম খাদী প্রাকৃতিক পেইণ্ট। ব্যুৰ’ অব ইণ্ডিয়ান ষ্টেণ্ডার্ড কর্তৃপক্ষৰ অনুমোদিত ৰঙবিধৰ প্রধান বৈশিষ্ট্য ই একেলগে এণ্টি বেক্টেৰিয়েল আৰু এণ্টি ফাংগাল।
সংস্থাটোৱে এক বিবৃতিত কৈছে যে সম্প্ৰতি ডিষ্টেম্পাৰ পেইণ্ট আৰু প্লাষ্টিক ইমালছন পেইণ্ট, এই দুই ধৰণৰেই ৰং পোৱা যাব। কেন্দ্রই জনোৱা মতে, এই ৰঙত লেড, ক্রোমিয়াম, পাৰা, কেডমিয়ামৰ দৰে গধুৰ ধাতু নাই, ফলত ই পৰিবেশ-বান্ধৱ। ইয়াৰ দামো সস্তা।
ৰঙবিধ উৎপাদন হৈছে জয়পুৰৰ কুমাৰাপ্পা নেচনেল হেণ্ডমেড পেপাৰ ইন্সটিটিউটত। গাডকাৰীৰ কাৰ্যালয়ৰ সূত্র মতে, এজন গো-পালকে এতিয়াৰে পৰা বিচাৰিলে বছৰত ৩০ হাজাৰ টকাতকৈ বেছি উপাৰ্জন কৰিব পাৰে। দেশৰ তিনিটা গৱেষণাগাৰত এই ৰঙৰ গুণমান পৰীক্ষা হৈছে। ইয়াৰ ভিতৰত আছে দিল্লীৰ শ্রীৰাম ইন্সটিটিউট, গাজিয়াবাদৰ নেচনেল টেষ্ট হাউছ আৰু মুম্বাইৰ নেচনেল টেষ্ট হাউছ।












