![]()
নিউজ ডেস্কঃ
১৬ তাৰিখৰ পৰা দেশত আৰম্ভ হ’ব কোভিড টীকাকৰণ। ইয়াৰ বাবে চিৰাম ইনষ্টিটিউটৰ সৈতে টীকাৰ দাম সন্দৰ্ভত চুক্তি চূড়ান্ত কৰিলে কেন্দ্রই। সূত্রৰ খবৰ মতে, ২০০ টকাকৈ প্রতিটো টীকা কিনিব কেন্দ্রই। প্রথম ১০ কোটি ড’জৰ বাবে এই মূল্য নিৰ্ধাৰণ কৰা হৈছে।
পুনেৰ চিৰাম ইনষ্টিটিউটৰ এক সূত্র মতে, প্রাথমিকভাবে কেন্দ্রৰ হাতত এক কোটি ১০ লাখ ড’জ দিব প্ৰতিষ্ঠানটোৱে। ইয়াৰ পিছত প্রতি সপ্তাহত কেইবা লাখকৈ ড’জ যোগান ধৰা হ’ব। দাম সন্দৰ্ভত মোদী চৰকাৰৰ সৈতে ইতিমধ্যে লিখিত চুক্তি হৈ গৈছে। আজি নিশা বা কাইলৈ পুৱাৰ ভিতৰত পুনেৰ কাৰখানাৰ পৰা সমগ্ৰ দেশলৈ ৰাওনা হ’ব এই টীকা।
উল্লেখ্য, অক্সফোর্ড আৰু এষ্ট্ৰাজেনেকা কোম্পানীৰ গৱেষণালবদ্ধ টীকা কোভিশিল্ড ভাৰতত উৎপাদন কৰিছে চিৰাম ইনষ্টিটিউটে। যোৱা সপ্তাহতেই এই টীকা জৰুৰীকালীন ব্যৱহাৰৰ বাবে কেন্দ্রীয় অনুমোদন লাভ কৰিছে। চিৰামৰ শীৰ্ষ বিষয়া আদৰ পুনাৱালাই জনাইছিল, বজাৰতো বিক্ৰী হ’ব এই টীকা। তাৰ বাবেও কেন্দ্রীয় বিচাৰিছে কোম্পানীটোৱে। বজাৰত কিনিবলৈ গ’লে প্রতি ড’জৰ মূল্য হ’ব ১০০০ টকা।












