নিউজ ডেস্কঃ
প্ৰচণ্ড শীতকো নেওঁচা দি যোৱা ৪০দিনে দেশৰ লক্ষ লক্ষ কৃষকে অব্যাহত ৰাখিছে তেওঁলোকৰ প্ৰতিবাদ। প্ৰকাশ পোৱা বাতৰি অনুসৰি বৰ্তমানলৈকে প্ৰতিবাদকাৰী ৫০ৰো অধিক কৃষকৰ প্ৰতিবাদ স্থলিতে মৃ্ত্যু হৈছে। ৩ জানুৱাৰীতো ৩ গৰাকী কৃষকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছিল ৷
আনহাতে, কৃষক সংগঠনৰ সৈতে কেইবাখনো বৈঠকত মিলিত হোৱাৰ পিছতো এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা নাই কেন্দ্ৰই। ৬ বাৰকৈ আলোচনা ব্যৰ্থ হোৱাৰ পিছত আজি পুনৰ সপ্তমবাৰৰ কাৰণে দিল্লীত আলোচনাত বহিব কৃষকসকল। কৃষকসকলে স্পষ্ট কৰি দিছে যে, দাবীসমূহ পূৰণ নোহোৱালৈকে আন্দোলন বন্ধ কৰা নহ’ব ।