ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : অসম সত্র মহাসভাই যােৱা ২৪ ডিচেম্বৰৰ পৰা সমগ্র অসমজুৰি আৰম্ভ কৰা শ্ৰীমদ্ভাগৱত সমম্বয় যাত্রাৰ দলটি কালি বিয়লি কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত উপস্থিত হয়।
সমন্বয় যাত্রাৰ দলটো ডিফুত আহি উপস্থিত হােৱাৰ লগে লগে ডিফুত ভক্তপ্রাণ ৰাইজে গায়ন-বায়নেৰে দলটোক উষ্ম আদৰণণি জনায়। সমন্বয় যাত্রাত অংশগ্রহণ কৰি সাংবাদিকৰে হােৱা বার্তালাপত অসম সত্র মহাসভাৰ সাধাৰণ সম্পাদক কুসুম কুমাৰ মহন্তই কয় যে পশ্চিমীয়া সংস্কৃতিৰ আগ্রাসনৰ ফলত আমাৰ থলুবা সংস্কৃতিয়ে লােপ পােৱাৰ পৰিস্থিতি সৃষ্টি হােৱাৰ পৰিপ্রেক্ষিতত অসমৰ সমাজ জীৱনক এনে আগ্রাসনৰ পৰা উদ্ধাৰ কৰাৰ লক্ষ্যৰেই এই সমন্বয় যাত্রাৰ সুচনা কৰা হৈছে।
অহা দহ জানুৱাৰীত গুৱাহাটীৰ সােণাৰাম খেলপথাৰত মহাসভাৰ উদ্যোগত আয়ােজিত হােৱা সন্ত সমাৰোহত ৰাজ্যৰ অন্য প্রান্তৰ লগতে কার্বি আংলঙৰ সনাতন ধর্মীয় লােকসকলকো অংশগ্রহণৰ বাবে আহান জনায়।












