ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : প্ৰতি বছৰৰ দৰে এই বছৰো বকলীয়াঘাটৰ অন্যতম প্ৰকাশন ‘চিংথুৰ প্ৰকাশন’ৰ উদ্যোগত আৰু অসম সাহিত্য সভাৰ কাৰবি আংলং জিলা সমিতিৰ সহযোগত ‘ৰংবং তেৰাঙ সমন্বয় বঁটা’ প্ৰদান কৰিবলৈ মনস্থ কৰা হৈছে৷
পদ্মশ্ৰী ৰংবং তেৰাঙৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি ২০১৭ চনৰ পৰাই এই বঁটা বিশিষ্ট সাহিত্যিক, গৱেষক আৰু লোক সংসেকৃতিৰ সাধক সকলক প্ৰদান কৰি অহা হৈছে ৷
ইতিমধ্যে ২০১৭ চনত বিশিষ্ট সাহিত্যিক লোক-সংস্কৃতিৰ গৱেষক পণ্ডিত ড0 বিৰেন্দ্ৰ দত্ত, ২০১৮ চনত অৰুণাচল তথা অসমৰ প্ৰখ্যাত গল্পকাৰ তথা উপন্যাসিক য়েছে দৰচে ঠংছি, ২০১৯ চনত প্ৰবীণ সাংবাদিক আৰু বিশিষ্ট সাহিত্যিক হোমেন বৰগোঁহাঞি আৰৱ ২০২০ চনত বলিষ্ঠ সাংবাদিক আৰু সাহিত্যিক ড0 নগেন শইকীয়ালৈ এই বঁটা আগবঢ়োৱা হৈছে ৷
এইবাৰ ২০২১ চনৰ “ৰংবং তেৰাঙ সমন্বয় বঁটা’ৰ বাবে অসমৰ এগৰাকী জনপ্ৰিয় উপন্যাসিক, গল্পকাৰ আৰৱ কবি “অনুৰাধাৰ দেশ’ৰ স্ৰষ্টা ফনীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীক মনোনীত কৰা হৈছে ৷ অহা ১৩ জানুৱাৰী পুৱা ১০-৩০ বজাত বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হব লগা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠাত এই বঁটা প্ৰদান কৰা হব ৷
এই বঁটাত নগদ ধনৰ লগতে, পৰাম্পৰাগত কাৰবি সাজ- পোছাক আৰু স্থানীয় লেখকৰ গ্ৰন্থৰ টোপোলা আদি প্ৰদান কৰা হব ৷ উক্ত বঁটা প্ৰদান কৰিব অনুষ্ঠানত মুখ্য অতিথি হিছাপে আমন্ত্ৰণ লাভ কৰা অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই ৷
উক্ত অনুষ্ঠানত উপস্থিত থাকিবলগীয়া পদ্মশ্ৰী ৰংবং তেৰাঙৰ লগতে গণ্যমান্য ব্যক্তিৰ উপস্থিতিত কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি প্ৰয়াত সুভাষ চন্দ্ৰ দাসৰ ‘জীৱন আৰু কৰ্মৰাজী সামৰি বিশ্বজ্যোতি হাজৰিকাৰ সম্পাদনাত প্ৰকাশ পাবলগীয়া গ্ৰন্থ “সুভাষ চন্দ্ৰ দাস, জীৱন আৰু কৰ্ম” আৰু সু সাহিত্যিক তথা চিকিৎসক ডাঃ মেহতাব হুছেইনৰ এখনি গল্প সংকলন “এৰাসুঁতিৰ ঘাট” উন্মোচন কৰা হব বুলি চিংথুৰ প্ৰকাশনৰ স্বত্বাধিকাৰ বিশ্বজ্যোতি হাজৰিকাই আজি ডিফুস্থিত কাৰবি আংলং জিলা প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰি এই কথা জানিবলৈ দিয়ে ৷
আজিৰ সংবাদমেলত ক্ৰমে, চিংথুৰ প্ৰকাশনৰ স্বত্বাধিকাৰ বিশ্বজ্যোতি হাজৰিকা, জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰা, সু সাহিত্যক, চিকিৎসক ডাঃ মেহতাব হুছেইন আৰু কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি হৰিমোহন জিগদুঙ উপস্থিত থাকে ৷












