![]()
নিউজ ডেস্কঃ
মূল ভূখণ্ডৰ প্রায় ৩৪ কিলোমিটাৰ দূৰৈৰ বঙ্গপোসাগৰৰ মাজৰ বিচ্ছিন্ন এটি দ্বীপলৈ ৰোহিঙ্গা শৰণাৰ্থীৰ আৰু এটা দল প্ৰেৰণ কৰিলে বাংলাদেশ চৰকাৰে। কেইবাটাও মানৱাধিকাৰ সংগঠনে বিষয়টো সন্দৰ্ভত তীব্ৰ আপত্তি কৰিলেও তাক উপেক্ষা কৰিয়েই এইসকল ৰোহিঙ্গাক তালৈ পঠোৱা হৈছে বুলি অভিযোগ উঠিছে। অৱশ্যে চৰকাৰৰ দাবী, সোমবাৰে যিসকলক তালৈ পঠোৱা হৈছে তেওঁলোক নিজৰ ইচ্ছামতেই গৈছে। চৰকাৰ কেৱল ব্যৱস্থাপনাতহে আছিল। উল্লেখ্য, চলিত মাহৰ আৰম্ভণিতে আৰু এদল ৰোহিংগা শৰণাৰ্থীক তালৈ পঠোৱা হৈছিল।
৩০খনৰো অধিক বাছত প্রায় ডেৰ হাজাৰ ৰোহিঙ্গাক বাংলাদেশৰ কক্সবজাৰ জিলাৰ শৰণাৰ্থী শিবিৰৰ পৰা উক্ত দ্বীপৰ উদ্দেশ্যে লৈ যোৱা হয়।
উল্লেখ্য, যিটো দ্বীপলৈ এইসকল শৰণাৰ্থীক লৈ যোৱা হৈছে সেই দ্বীপটোৰ নাম ‘ভাসান চৰ’। ২০ বছৰ আগতে ইয়াৰ কোনো অস্তিত্ব নাছিল। তাৰ পিছত লাহে লাহে পলস পৰি এই দ্বীপটো সৃষ্টি হৈছে। বাৰিষাৰ সময়ত পানীত ডুবি যায় দ্বীপটো। কিন্তু চৰকাৰে বানপানী ৰোধৰ বাবে বান্ধ নিৰ্মাণ কৰিছে। ভাসান চৰত ভাৰতীয় মু্দ্রাত প্রায় ৮২১ কোটি ৮২ লাখ ৮০ হাজাৰ টকা খৰচ কৰি ঘক-বাৰী, হস্পিটেল, মছজিদ নিৰ্মাণ কৰি দিছে বাংলাদেশৰ নৌবাহিনীয়ে। ৪ ডিচেম্বৰত প্রথম পৰ্যায়ত ১ হাজাৰ ৬৪২ জন ৰোহিঙ্গাক তালৈ লৈ যোৱা হয়।
আনহাতে, বাংলাদেশ চৰকাৰৰ এই সিদ্ধান্ত বাতিলৰ আবেদন কৰিছে এমনেষ্টি ইণ্টাৰনেচনেল আৰু হিউমেন ৰাইটছ ৱাচে। ৰাষ্ট্রসংঘইও এই শৰণাৰ্থীসকলৰ হৈ মাত মাতিছে। কিন্তু বাংলাদেশৰ মন্ত্রী ওবাইদুল কাদেৰে দাবী কৰিছে, ইয়াৰ আগতে যিসকল ৰোহিঙ্গা ভাসান চৰলৈ গৈছে তেওঁলোক তাৰ ব্যৱস্থাপনাত সন্তুষ্ট। এই দ্বীপত মুঠ ১ লাখ মানুহে বসবাস ককিব পাৰে। কিছু আন্তর্জাতিক সংগঠন আৰু সংবাদ মাধ্যমে যেনেদৰে প্রচাৰ কৰিছে যে জোৰকৈ এই ৰোহিঙ্গাসকলক তালৈ পঠোৱা হৈছে সেয়া সঁচা নহয়।












