![]()
নিউজ ডেস্কঃ
যোৱা সপ্তাহত অৰুণাচল প্রদেশৰ ৬ জন জেডিইউ বিধায়কে বিজেপিত যোগদান দিয়াৰ পিছৰ পৰাই বিহাৰৰ এনডিএ চৰকাৰক লৈ আৰম্ভ হৈছে নানা জল্পনা। বিজেপিৰ সৈতে নীতিশ কুমাৰৰ দলৰ সম্পর্ক এই মুহূর্তত কেনে অৱস্থাত আছে সেই দিশে নজৰ ৰাখিছে আৰজেডিও। পৰিস্থিতি বুজি তেওঁলোকে নতুন প্রস্তাৱ দিছে বিহাৰৰ মুখ্যমন্ত্রী সন্দৰ্ভত। কোৱা হৈছে, দেশৰ প্রধানমন্ত্রী পদপ্রার্থী হিচাবে নীতিশ কুমাৰক সমর্থন জনাব আৰজেডিয়ে। ইয়াৰ বিনিময়ত বিহাৰৰ মুখ্যমন্ত্রী পাতিব লাগিব তেজস্বী যাদৱক।
জেডিইউৰ এই প্রস্তাৱ আগবঢ়াইছে বিহাৰ বিধানসভাৰ প্রাক্তন অধ্যক্ষ তথা বর্ষীয়ান আৰজেডি নেতা উদয়নাৰায়ণ চৌধুৰীয়ে। এক সর্বভাৰতীয় সংবাদ মাধ্যমৰ আগত মঙ্গলবাৰে তেওঁ উক্ত প্রস্তাৱ সম্পর্কে জনাইছে। তেওঁৰ মতে, ‘‘নীতিশ কুমাৰে এইবাৰ ৰাষ্ট্ৰীয় ৰাজনীতিৰ দিশে মনোযোগ দিয়া উচিত। তাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্রী পতা উচিত তেজস্বী যাদৱক। তেতিয়াহ’লে আমি তেওঁক ৰাষ্ট্ৰীয় পর্যায়ত বিৰোধী নেতা হিচাবে স্বীকৃতি দিম। ২০২৪ চনত প্রধানমন্ত্রীৰ পদপ্রার্থী হিচাবে তেওঁক সমর্থনো কৰিম।’’
অৱশ্যে আৰজেডিৰ এই প্রস্তাৱ উৰুৱাই দিলেও অৰুণাচল প্রদেশৰ ঘটনা যে জেডিইউই ভালদৰে লোৱা নাই সেইটো স্পষ্ট। দলৰ নতুন ৰাষ্ট্ৰীয় সভাপতি আৰচিপি সিঙে নাম নোলোৱাকৈ বিজেপিক কটাক্ষ কৰি কয়, ‘‘আমি কাকো পিছফালৰ পৰা ছুৰি মৰা নাই। অন্যসকলকো সেইটো কৰিব দিয়া নাই।’’












