![]()
নিউজ ডেস্কঃ
কৰোনা ভাইৰাছৰ উৎপত্তি তথা সংক্রমণৰ বিষয়ে উহান প্রদেশৰ পৰা তথ্য বিশ্বৰ আগত প্ৰকাশ কৰাৰ অপৰাধত চীনা সাংবাদিক ঝেং ঝেনক চীনা চৰকাৰে চাৰি বছৰৰ কাৰাদণ্ড বিহিছে।
পুডং নিউৰ লোক আদালতে জনোৱা মতে, ভুৱা তথ্য প্ৰচাৰ, বিদেশী সংবাদ মাধ্যমত সাক্ষাৎকাৰ দিয়া, জনজীৱন বিপর্যস্ত কৰাৰ কামত অভিযুক্ত ঝেন। তেওঁৰ অধিবক্তাই শাস্তিৰ খবৰ নিশ্চিত কৰিছে৷ কিন্তু ন্যায়াধীশে ‘গেগ অর্ডাৰ’ অৰ্থাৎ এই গোচৰ সংক্রান্তীয় তথ্য সাধাৰণ লোকক নজনোৱাৰ নিৰ্দেশ কৰাৰ ফলত সবিশেষ কথা জনোৱাৰ পৰা বিৰত আছে।
উল্লেখ্য, পূৰ্বতে পেছাত অধিবক্তা হিচাপে কাম কৰা ৩৭ বছৰীয়া ঝেং ঝেনে এই বছৰৰ ফেব্রুৱাৰী মাহত কৰোনাৰ উৎপত্তিস্থল উহানলৈ গৈ কৰোনাৰ বিষয়ে তদন্ত আৰম্ভ কৰিছিল। তাৰ পৰা তেওঁ চীনা চৰকাৰে তথ্য লুকুওৱাৰো অভিযোগ কৰিছিল। তাৰ পিছতে বিগত মে’ মাহত তেওঁক গ্রেপ্তাৰ কৰা হয়।












