ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কাৰবি আংলং জিলাৰ বেডমিণ্টন খেলুৱৈ সকললৈ সুখবৰ! চলিত বছৰৰ শেষৰ ফালে অনুষ্ঠিত হ’ব প্ৰয়াত বাছাপী টেৰণপী সোঁৱৰণি চতুৰ্থ সদৌ কাৰবি আংলং আন্তঃ ছাব এছ’চিয়েছন বেডমিন্টন প্ৰতিযোগিতা ৷
কাৰবি আংলং ক্ৰীড়া সন্থাৰ উদ্যোগত ডিফু স্থিত কাছা ষ্টেডিয়ামত সদৌ কাৰবি আংলং জিলা ভিত্তিত অহা ২৮, ২৯ আৰু ৩০ ডিচেম্বৰত পুৰুষ- মহিলা উভয় শাখাত উক্ত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হব ৷ খেলুৱৈ সকলৰ বয়সৰ পৰিমাণ ১১ বছৰৰ পৰা উৰ্ধলৈকে প্ৰযোজ্য হ’ব ৷
প্ৰতিযোগিতা খনৰ দাতা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা অসম বেডমিণ্টন সন্থাৰ কাৰ্যকৰী সভাপতি তুলিৰাম ৰংহাঙ আৰু তেওঁৰ সহ ধৰ্মিনী কাছে টেৰণপী ৷













