![]()
নিউজ ডেস্কঃ
দেশৰ সর্বকনিষ্ঠ মেয়ৰ হিচাবে ইতিহাস গঢ়িবলৈ আগবাঢ়িছে আর্যা ৰাজেন্দ্রন৷ কেৰালাৰ ৰাজধানী তিৰুঅনন্তপুৰম পৌৰ নিগমৰ মেয়ৰ হিচাবে শপত ল’বলৈ আগবাঢ়িছে ২১ বছৰীয়া কেৰালাৰ এছএফআই নেত্রীগৰাকী৷ ইয়াৰ বাবে আর্যাক ইতিমধ্যে দল-মত নির্বিশেষে শুভেচ্ছাৰে উপচাই পেলাইছে৷ সকলোৱে বিচাৰিছে ৰজনীতিত নিজৰ চাপ ৰাখক আর্যাই৷
কেৰালাৰ মুদাভানমুগল ৱার্ডৰ পৰা তিৰুঅনন্তপুৰম পৌৰ নিগমৰ নিৰ্বাচনত চিপিএমৰ প্রার্থী হিচাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল আর্যাই৷ কাউন্সিলৰ হিচাবে প্রথমে নির্বাচিত হয় তেওঁ৷ দক্ষিণৰ বামপন্থী এই কন্যাগৰাকী স্থানীয় নির্বাচনত চিপিএমৰ কনিষ্ঠতম প্রার্থী আছিল। বিপক্ষৰ ইউডিএফ প্রার্থীগৰাকীক পৰাজিত কৰে তেওঁ৷
পেৰুৰকাদা ৱার্ডৰ প্রতিনিধিত্বকাৰী দলৰ প্রবীণ প্রার্থী জামিলা শ্রীধৰণ আৰু গায়ত্রী বাবুৰ মাজত যিকোনো এজনক প্রথমতে মেয়ৰ পতাৰ কথা বিবেচনা কৰা হৈছিল। কিন্তু বামশাসিত কেৰালাই বিচাৰিছে পৰৱর্তী প্রজন্মক প্ৰস্তুত কৰাটো৷ যাৰ ফলস্বৰূপে স্থানীয় স্তৰৰ নির্বাচনবোৰতো তাৰুণ্যৰ আধিক্য দেখা গৈছে শাসকীয় দল এলডিএফত৷ পৌৰ নিগমৰ নির্বাচনত এলডিএফে ছয়খনৰ ভিতৰত পাঁচখন আসনতে জয়লাভ কৰিছে৷ জিলা পঞ্চায়ততো ভাল ফল দেখুৱাইছে৷ জামিলাৰ পৰিৱর্তে নতুন কোনো মুখক মেয়ৰ পতাৰ বাবে সন্মিলিতভাবে দাবী উঠে৷ ইয়াৰ পিছত চিপিএমৰ ৰাজ্যিক কমিটিয়ে মেয়ৰ পদত আর্যাৰ নাম প্রস্তাৱ কৰে৷
উল্লেখ্য, তিৰুঅনন্তপুৰমৰ অল ছেণ্ট’ছ কলেজৰ গণিত বিভাগৰ স্নাতক দ্বিতীয় বর্ষৰ ছাত্রী আর্যা৷ সম্পূৰ্ণভাৱে বামপন্থী ৰাজনীতিৰ লগত তেওঁ জড়িত৷ এছএফআইৰ কেৰালা ৰাজ্যিক কমিটিৰ সদস্য হোৱাৰ উপৰি আর্যা চিপিএমৰ শাখা সংগঠন বালাসংঘমৰো সভাপতি৷ আর্যাই নির্বাচনৰ পূৰ্বে জনাইছিল যে নিৰ্বাচনত জয়ী হ’লে তেওঁ প্রাথমিক বিদ্যালবোৰৰ উন্নয়নৰ উপৰি অনান্য উন্নয়নমূলক কামো চলাই যাব৷ নির্বাচনত জয়ী হোৱাৰ পিছত তেওঁ কয় যে দলে তেওঁক যি ভূমিকা পালন কৰিব দিয়ে তেওঁ সেই ভূমিকা পালন কৰিবলৈ প্রস্তুত৷ লগতে ইয়াকো কয় যে ৰাজনীতি আৰু পঢ়া-শুনা একেলগতে চলাই যাব তেওঁ৷










