নিউজ ডেস্কঃ
দিল্লী সীমান্তত কৃষকৰ অৱস্থান বিক্ষোভে পাৰ কৰিলে এটা মাহ। যোৱা ২৬ নৱেম্বৰৰ পৰা বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত তেওঁলোকে কৰি আছে বিক্ষোভ৷ উক্ত বিক্ষোভকাৰী কৃষকসকলৰ বেছিভাগেই পঞ্জাব আৰু হাৰিয়ানাৰ। প্ৰচণ্ড শীতকো নেওচি মুকলি আকাশৰ তলত ৩১ দিন ধৰি আছে তেওঁলোক। ইতিমধ্যে ঠাণ্ডাত মৃত্যু হৈছে প্ৰায় ৩০ জন কৃষকৰ। সমগ্ৰ দেশৰ বহু মানুহ এজন এজনকৈ তেওঁলোকৰ কাষত থিয় দিছে। যোগান ধৰিছে বিভিন্ন সাহায্য সামগ্ৰী৷ সমৰ্থন জনাইছে বিভিন্ন ৰাজ্যই৷ এইবাৰ দেশৰ আন এক ৰাজ্যৰ কৃষকসকলে তেওঁলোকৰ বাবে প্ৰেৰণ কৰিছে এক ট্রাক আনাৰস।
কেৰালাৰ ভাজাকুলাম চহৰ আনাৰস উৎপাদনৰ বাবে বিখ্যাত। এছিয়াৰ সকলোতকৈ বেছি আনাৰস উৎপাদন হয় ইয়াতেই। সেয়ে ‘আনাৰস চহৰ’ নামেৰেও প্ৰসিদ্ধ। তাত আছে আনাৰস গৱেষণা কেন্দ্রও। আনাৰসৰ বতৰত ইয়াৰ পৰা সমগ্ৰ দেশৰ বজাৰলৈ বিক্ৰীৰ বাবে ১৪ হাজাৰ টন আনাৰস ৰপ্তানি হয়।
এইবাৰ এই চহৰখনৰে কৃষকসকলে ২০ টন আনাৰস পঠালে দিল্লীলৈ। বৃহস্পতিবাৰে সেই আনাৰসভৰ্তি ট্রাক ৰাওনা হৈছে দিল্লী অভিমুখে। যাত্রা উদ্বোধন কৰে কেৰালাৰ কৃষিমন্ত্রী ভিএছ সুনীল কুমাৰে। লগতে ৰাজ্যখনৰ কৃষকসকলে আন্দোলনকাৰীসকললৈ আগবঢ়াইছে সমর্থনৰ হাত।
উল্লেখ্য, লকডাউনৰ প্ৰভাৱ চহৰখনৰ কৃষকসকলৰ ওপৰতো পৰিছে। ব্যৱসায়ত একপ্ৰকাৰ মন্দা। ফলত চহৰখনৰ এজন আনাৰস কৃষকে আত্মহত্যাও কৰিছে। ঋণ লৈ কৃষি কৰিছিল তেওঁ। লকডাউনৰ ফলত বিক্ৰী হোৱা নাছিল তেওঁৰ উৎপাদিত ফচল। ফলত লোকচানৰ সন্মুখীন হয়। এইবাৰ নতুন কৃষি আইনত কৃষকসকলক আৰু অধিক ক্ষতিৰ সম্মুখীন হ’ব পাৰে বুলিয়েই আন্দোলনত সমর্থন জনাইছে তেওঁলোকে।