![]()
নিউজ ডেস্কঃ
ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে স্বাক্ষৰ কৰিলে এখ ঐতিহাসিক বিধেয়কত৷ এই বিধেয়ক অনুযায়ী এতিয়াৰে পৰে প্রাক্তন ৰাষ্ট্রপতিক পদ এৰাৰ পিছতো আজীৱন সুৰক্ষা প্রদান কৰিব। নতুন বিধেয়কখনত কোৱা হৈছে, প্রাক্তন ৰাষ্ট্রপতিসকলে আৰক্ষী বা তদন্তকাৰীসকলৰ দ্বাৰা সোধপোছ কৰাৰ লগতে অনুসন্ধান বা গ্রেপ্তাৰৰ পৰাও অব্যাহতি পাব। মঙলবাৰে এই বিধেয়কত স্বাক্ষৰ কৰে পুটিনে৷
পুটিনে স্বাক্ষৰ কৰা এই বিলত প্রাক্তন ৰাষ্ট্রপতিসকলক বিশেষ অনুদান হিচাপে দিয়া হয় ফেডাৰেচন কাউন্সিল বা ছিনেটৰ এখন আজীৱন আসন৷ ইয়াৰ দ্বাৰা প্ৰাক্তন ৰাষ্ট্ৰপতিসকলে এক শক্তিশালী অৱস্থান লাভ কৰিব যাৰ দ্বাৰা ৰাষ্ট্রপতি পদ এৰি দিয়াৰ পিছতো গোচৰ-মোকৰ্দমাৰ পৰা সুৰক্ষাৰ আশ্বাস দিছে।










