![]()
নিউজ ডেস্কঃ
গণধর্ষণৰ চিকাৰ হোৱা উত্তৰ প্রদেশৰ চাজাহানপুৰৰ এগৰাকী যুৱতী অভিযোগ দিবলৈ গৈছিল থানালৈ। কিন্তু তাতেই পুনৰ ধর্ষণৰ চিকাৰ হ’বলগা হ’ল তেওঁ! এই গুৰুতৰ অভিযোগ ভুক্তভোগী যুৱতীগৰাকীৰ। তেওঁৰ অভিযোগ, তদন্তৰ নামত পৃথক কোঠালৈ লৈ গৈ তেওঁক ধর্ষণ কৰে এজন উপ পৰিদৰ্শকে। ইতিমধ্যে মহিলাগৰাকীক সাক্ষাৎ কৰাৰ পিছত জ্যেষ্ঠ আৰক্ষী বিষয়া অবিনাশ চন্দ্রই তদন্তৰ নির্দেশ দিছে।
জানিব পৰা মতে, যোৱা ৩০ নৱেম্বৰত জালালাবাদ থানা এলেকাৰ মদনপুৰৰ বাসিন্দা ৩৫ বছৰীয়া যুৱতীগৰাকী ৰাস্তাৰে গৈ থকাৰ সময়ত হঠাৎ তাত আহি উপস্থিত হয় এখন গাড়ী। গাড়ীৰ পৰা পাঁচজন ব্যক্তি নামি আহি তেওঁক টানি লৈ গৈ ওচৰৰ খেতিপথাৰত ধর্ষণ কৰে। পিছত নির্যাতিতাই ঘটনাৰ অভিযোগ জনাবলৈ যায় জালালাবাদ থানালৈ। তাতেই থানাৰ এগৰাকী উপ পৰিদৰ্শকে তেওঁক ঘটনাটোৰ বিশদ আলোচনাৰ বাবে পৃথক কোঠা এটিলৈ যাবলৈ কয়। তাৰ পিছত সেই কোঠাতেই মহিলাগৰাকীক ধর্ষণ কৰা বুলি অভিযোগ।
বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত মুখ খোলে ভুক্তভোগী মহিলাগৰাকীয়ে। তেওঁ জনায়, এফআইআৰ দাখিল কৰাত ব্যর্থ হোৱাৰ পিছত তেওঁ অবিনাশ চন্দ্রক যোৱা বুধবাৰে সাক্ষাৎ কৰে। তেওঁৰ পৰা ঘটনাৰ বিৱৰণী শুনি আৰক্ষী বিষয়াগৰাকীয়ে তদন্তৰ নির্দেশ দিয়ে। চক্ৰ বিষয়া ব্রহ্মপাল সিঙৰ ওপৰত তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে। তেওঁ জনোৱা মতে, সম্পূৰ্ণ বিষয়টো অনুসন্ধান কৰি চোৱা হৈছে। যদি মহিলাগৰাকীৰ অভিযোগৰ সত্যতা সম্পর্কে নিশ্চিত হোৱা যায়, তাৰ পিছতেই এফআইআৰ দাখিল কৰা হ’ব।
প্রসঙ্গত উল্লেখ্য, নেচনেল ক্রাইমছ ৰেকর্ড ব্যুৰোৰ মতে, নাৰী নির্যাতনত দেশৰ শীর্ষত যোগী আদিত্যনাথৰ উত্তৰ প্রদেশ। ২০১৬ চনৰ পিছৰ পৰা ৰাজ্যখনত এনে ধৰণৰ অপৰাধৰ ঘটনা বাঢ়িছে ২০ শতাংশ। বাৰম্বাৰ ৰাজ্যখনত যুৱতী-মহিলাৰ ওপৰত বিভিন্ন উৎপীড়নৰ ছবি পোহৰলৈ আহিছে। কিন্তু তাৰ পৰাও যেন শিক্ষা হোৱা নাই প্রশাসনৰ। ওলোটাই ৰক্ষকেই ভক্ষক হোৱাৰ অভিযোগ উঠিছে।










