![]()
নিউজ ডেস্কঃ
উত্তৰ প্রদেশত যোগী চৰকাৰে অধ্যাদেশ অনাৰ পিছত এইবাৰ ধ্বনি ভোটত বিধেয়ক গৃহীত হ’ল মধ্যপ্রদেশতো। ভিন্ন ধর্মত বিয়াৰ বাবে জোৰ কৰি ধর্মান্তৰকৰণ কৰিব নোৱাৰিব। এনে হ’লে ১০ বছৰ পর্যন্ত জে’ল হ’ব পাৰে। লগতে এক লাখ টকা পর্যন্ত জৰিমনা।
এই আইনত কেৱল মূল অভিযুক্তই নহয়, যিসকলে তেওঁলোকক সহায় কৰিব, তেওঁলোকেও শাস্তি ভোগ কৰিব লাগিব। ডিচেম্বৰৰ শেষত মধ্যপ্রদেশ বিধানসভাৰ অধিবেশন আৰম্ভ হ’ব। তাৰ পূৰ্বে আজি মন্ত্ৰীসভাৰ বৈঠকত গৃহীত হয় ধর্ম স্বতন্ত্র বিধেয়ক (২০২০)। বৈঠকৰ নেতৃত্বত আছিল মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহান। উক্ত বৈঠকতেই ধ্বনি ভোটত গৃহীত হয় বিধেয়ক।










