![]()
নিউজ ডেস্কঃ
বিক্ৰী হ’ল প্রয়াত পপষ্টাৰ মাইকেল জেকচনৰ বিলাসবহুল ৰিজর্ট ‘নেভালৰলেণ্ড ৰাঞ্চ’। জেকচনৰ প্রাক্তন বন্ধু ৰণ বার্কলেই এই ৰিজৰ্টখন ক্ৰয় কৰিছে। কেলিফোর্নিয়াত ২,৭০০ একৰ ভূমিত গঢ়ি তোলা হৈছে এই ৰিজৰ্টখন। ২০১৫ত এই ৰিজৰ্টখনৰ দাম ধার্য কৰা হৈছিল ১০ কোটি ডলাৰ। কিন্তু যোৱা বছৰ সেই মূল্য কমি হয় ৩ কোটি ১০ লক্ষ ডলাৰ। আৰু ২ কোটি ২০ লক্ষ ডলাৰত ৰিজৰ্টখন কিনিছে বার্কলেই। জেকচন যেতিয়া খ্যাতিৰ শীর্ষত, ১৯৮৭ চনত এই ৰিজৰ্টখন ১ কোটি ৯৫ লক্ষ ডলাৰত কিনিছিল জেকচনে। নাম দিছিল ‘নেভাৰলেণ্ড ৰাঞ্চ’।










