![]()
নিউজ ডেস্কঃ
দুদিনীয়া উত্তৰ-পূব ভ্ৰমণ কাৰ্যসূচীৰে অহা ২৬ ডিচেম্বৰত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ শনিবাৰে গুৱাহাটীত উপস্থিত হ’বলগা অমিত শ্বাহে প্ৰদান কৰিব অসম দৰ্শন আঁচনিৰ অধীনত ৰাজ্যখনৰ ৮,০০০ নামঘৰলৈ আৰ্থিক সাহায্য। লগতে আমিনগাঁৱত নিৰ্মাণ কৰিবলগীয়া গুৱাহাটীৰ প্ৰস্তাৱিত দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলাও স্থাপন কৰিব গৃহমন্ত্ৰীগৰাকীয়ে৷ একেদিনাই পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে বটদ্ৰৱা থান উন্নয়ন প্ৰকল্পৰো বিশেষ আধাৰশিলা স্থাপন কৰিব।
ইয়াৰ পিছদিনা অৰ্থাৎ ২৭ ডিচেম্বৰত গুৱাহাটীৰ পৰা ইম্ফললৈ যাব অমিত শ্বাহ। তাত তেওঁ মণিপুৰৰ চুড়াচন্দ্ৰ মেডিকেল কলেজ আৰু ৰাজ্য চৰকাৰৰ এটা অতিথিশালাৰ আধাৰশিলা স্থাপন কৰিব।
উল্লেখ্য যে ২৬ ডিচেম্বৰত অমিত শ্বাহৰ সৈতে বৈঠকত আগন্তুক ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে অগপ-বিজেপিৰ মিত্ৰতা চূড়ান্ত তথা আসন বুজাবুজি সম্পন্ন হোৱাৰ কথা৷










