![]()
নিউজ ডেস্কঃ
কৃষি আইন প্রত্যাহাৰ সন্দৰ্ভত ৰাষ্ট্রপতিৰ হস্তক্ষেপ বিচাৰি আজি পদযাত্রা কৰে কংগ্রেছ নেতাসকলে। কিন্তু এই পদযাত্ৰাত বাধা দিয়ে আৰক্ষীয়ে। পদযাত্ৰাত অংশগ্ৰহণ কৰা সকলো নেতাৰ পৰিৱৰ্তে মাত্ৰ কেইজনমানকহে ৰাষ্ট্রপতি ভৱনলৈ যোৱাৰ অনুমতি দিয়া হয়। ফলত বাকী ক্ষুব্ধ নেতাসকলে মাজপথতেই আৰম্ভ কৰে অৱস্থান বিক্ষোভ। তেওঁলোকৰ লগত আছিল কংগ্রেছ নেত্রী প্রিয়ঙ্কা গান্ধীও। অৱস্থানস্থলীৰ পৰা পিছত প্ৰিয়ংকাসহ কেইবাজনো নেতাক বাছত উঠাই নিজৰ জিম্মালৈ নিয়ে আৰক্ষীয়ে।

উল্লেখ্য যে বিতৰ্কিত তিনিখন কৃষি আইন প্রত্যাহাৰৰ সপক্ষে কংগ্ৰেছে আৰম্ভ কৰিছিল গণ স্বাক্ষৰ অভিযান৷ তাত স্বাক্ষৰ কৰে এক কোটিৰো অধিক লোকে৷ ৰাষ্ট্রপতিৰ হস্তক্ষেপ বিচাৰি স্বাক্ষৰ কৰা এই আবেদন লৈয়ে ৰাষ্ট্রপতিৰ ওচৰলৈ গৈছিল ৰাহুল গান্ধী, প্রিয়ঙ্কা গান্ধীৰ লগতে অন্যান্য কংগ্রেছ নেতাসকল। কিন্তু তেওঁলোকক আৰক্ষীয়ে বাধা প্ৰদান কৰে। ৰাহুল গান্ধীৰ সৈতে মাত্ৰ দুজনমান নেতাকহে ৰাষ্ট্রপতি ভৱনলৈ যাব দিয়া হয়। ফলত প্ৰিয়ংকা গান্ধীসহ বাকী বিক্ষুব্ধ নেতাসকলে মাজপথতে বহি বিক্ষোভ প্ৰদৰ্শন কৰে৷










