![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : এম এ চি ফুটবল চেমপিয়নশ্বীপ ২০২০ বৰ্ষৰ চূড়ান্ত ফাইলেন খেলখন শুক্ৰবাৰে নিশা অনুষ্ঠিত হৈ যায় ৷ পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামস্থিত অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত ৱাইচং ইন্দোৰ ষ্টডিয়াম খেলপথাৰত অনুষ্ঠিত চূড়ান্ত ফাইনেল খেলখনত লুম্বাজং পৰিষদীয় সমষ্টিৰ দলে ৩-২ গলৰ ব্যৱধানত বিথুং পৰিষদীয় সমষ্টিৰ দলক পৰাস্ত কৰি জিলাখনৰ শ্ৰেষ্ঠ দল ২০২০ বৰ্ষৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ৷


চলিত ২০২০ বৰ্ষৰ শ্ৰেষ্ঠ দল হিচাপে লুম্বাজং পৰিষদীয় দলে বিজয়ী ট্ৰফীসহ নগদ ৩ লাখ টকা আৰু বিথুং পৰিষদীয় দলে ৰানাৰ্চ আপ ট্ৰফীসহ ২ লাখ টকা লাভ কৰে ৷

কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ ২৬টা সমষ্টিৰ জন প্ৰতিনিধিয়ে নিজ নিজ সমষ্টিৰ পৰা অংশগ্ৰহণ কৰা খেলটোত অংশগ্ৰহণকাৰী প্ৰতিটো দলকে ২০ হাজাৰকৈ নগদ ধন প্ৰদানেৰে ক্ৰীড়াৰ প্ৰতি উৎসাহ-উদ্দীপনা আগবঢ়াই কাৰ্বি আংলং স্বায়ত্ত পৰিষদে ৷













