![]()
নিউজ ডেস্কঃ
এডিলেইড টেষ্টৰ তৃতীয় দিনত বৃহৎ অঘটন ঘটিল ভাৰতীয় দলৰ সৈতে। ৪, ৯, ২, ০, ৪, ০, ৮, ৪, ০, ৪, ১- এয়াই ভাৰতীয় বেটছমেনসকলৰ প্রত্যেকৰে ৰান সংখ্যা৷ সর্বোচ্চ ৰান মায়াঙ্ক আগৰৱাল (৯)ৰ৷ মাত্র ৩৬ ৰানতেই দ্বিতীয় ইনিংছ শেষ। এডিলেইডত ভাৰত-অষ্ট্ৰেলিয়াৰ প্রথম ঐতিহাসিক গুলপীয়া বলৰ টেষ্টত অতি লজ্জাজনক প্ৰদৰ্শন আগবঢ়ালে কোহলি ব্রিগেডে৷ টেষ্টৰ ইতিহাসত সর্বনিম্ন স্কৰৰ অনাকাংক্ষিত ইতিহাস গঢ়িলে ভাৰতে৷ প্ৰত্যুত্তৰত ৮ উইকেটত প্ৰথম টেষ্ট অনায়াসে হস্তগত কৰে কেংগেৰু বাহিনীয়ে ৷

কিন্তু ভাৰতীয় দলৰ শোচনীয় প্ৰদৰ্শনৰ বাবে পুনৰ এবাৰ ট্রোলড হ’বলগা হ’ল বিৰাট-পত্নী, বলিউডৰ নায়িকা অনুষ্কা শর্মা। অনুষ্কা বৰ্তমান গর্ভৱতী । অন্তিম পর্যায়ৰ গর্ভাৱস্থা চলিছে তেওঁৰ। তাৰ মাজতে খেলৰ প্ৰসংগত কঠোৰ আক্রমণ কৰা হ’ল নায়িকাগৰাকীক। ইয়াৰ পূৰ্বে কোহলিৰ দলে আইপিএলত বেয়া ফর্মত থকাৰ সময়তো অনুষ্কা ট্রোলড হ’বলগা হৈছিল। এই প্ৰৱণতা অৱশ্যে নতুন নহয়৷ বাৰম্বাৰ এনে কুৰুচিকৰ মন্তব্য উঠি আহিছে অনুষ্কাৰ ফালে।
এইবাৰো ৩৬ ৰানত ভাৰত অলআউট হওঁতেই ছচিয়েল মিডিয়াৰ ৱাল ভৰি যায় ট্রোলিঙত। অনুষ্কাৰ ‘লেবাৰ পেইন’ অৰ্থাৎ প্ৰসৱ বেদনা উঠিছে বাবেই বিৰাট কোহলিয়ে সোনকালে খেলা শেষ কৰিলে, এনে মন্তব্যও কৰে কোনো কোনোৱে।













