ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : আজি বিয়লি বকলীয়াঘাটতৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত এক শোকাবহ পথ দূৰ্ঘটনা সংঘটিত হয় ৷ ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথৰ মিৰদুপথাৰত সংঘটিত দূৰ্ঘটনাটোত তীব্ৰবেগী এছ-০২-ভি-৪২০৮ নম্বৰৰ এখন চুজুকী জিকচাৰ বাইকে এগৰাকী চাইকেল আৰোহীক খুন্দা মাৰে ৷
ফলত চাইকেল আৰোহী বিলিফাং নামৰ লোকজন গুৰুতৰ ভাৱে আহত হয় ৷ তাৰোপৰি বাইক চালক ৰাকেশ ধ্ৰুপ গৌৰ আৰু আনগৰাকী আৰোহী আমিনা সন্দীপ নামৰ যুৱতী এগৰাকী আহত হয় ৷ তিনিও গৰাকীৰ অৱস্থা অতি সংকটজনক হোৱাত ততাতৈয়াকৈ ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷













