ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কার্বি আংলং জিলাৰ অসম নগালেণ্ড সীমান্তৰ দলদলি সংৰক্ষিত বনাঞ্চলত হােৱা অবাধ বেদখল আৰু ধবংসলীলা স্বচক্ষে আজি প্রত্যক্ষ কৰে অসম বিধানসভাৰ বিৰোধি দলপতি দেৱব্রত শইকীয়াই।
মৰিয়নিৰ বিধায়ক ৰূপজ্যতি কুর্মী আৰু কার্বি আংলং জিলা কংগ্রেছৰ শীর্ষ নেতৃবর্গৰ লগতে কার্বি আংলং জিলা প্রশাসনৰ বিষয়াক লগত লৈ পুৱা ১১টা বজাত সীমান্ত অঞ্চলত উপস্থিত হয় শইকীয়া।
সীমান্ত অঞ্চলত থকা সংৰক্ষিত বনাঞ্চলখনত হােৱা অবাধ ধ্বংসলীলা প্রত্যক্ষ কৰি লাহৰিজান উপ-আৰক্ষী চকীৰ বিষয়াগৰাকীক কোনে এই ধ্বংসলীলা চলাইছে আৰু ইয়াত নির্মাণ চলাই থকা সকল।
কোন বুলি প্রশ্ন কৰাত বিষয়াগৰাকীয়ে স্পষ্টভাবে কোনাে কথা ক’ব নােৱাৰিলে ।
ইয়াৰ বিপৰীতে বনবিভাগৰ কর্মচাৰীয়ে এইয়া অসমৰ মাটি আৰু ইয়াত নগাই বহু বছৰৰ পৰা বেদখল চলাই অহাৰ চেষ্টা চলাই থকা বুলি স্পষ্টভাবে শইকীয়াক জানিবলৈ দিয়াত তেওঁ এই ধ্বংসলীলা কাৰ নির্দেশত হােৱা বুলি জিলা প্রশাসনৰ বিষয়াক প্রশ্ন কৰাৰ লগতে এই সন্দৰ্ভত তেওক লিখিত প্রতিবেদন দিব লাগিব বুলি জানিবলৈ দিয়ে।
সংৰক্ষিত বনাঞ্চলখনত অবাধ হাৰত ধ্বংসলীলা চলি থকাৰ লগতে পথ আদি নির্মাণ কাৰ নির্দেশত হােৱা বুলিও তেওঁ জিলা প্রশাসনক প্রশ্ন কৰে। ইয়াৰপৰি জিলা প্রশাসনৰ বিষয়াই তেওক জানিবলৈ দিয়ে যে উক্ত অঞ্চলত এখন চিকিৎসালয়, এখন ষ্টেডিয়াম আৰু এখন বিদ্যালয় নির্মাণ হব।
শইকীয়াই প্রশ্ন কৰে সংৰক্ষিত বনাঞ্চলৰ ভিতৰত কিদৰে আৰু ক’ৰ টকাৰে এই নির্মাণ কর্য চলিব সেই সন্দর্ভত প্রশাসনে তেওক লিখিতভাৱে দিব লাগে বুলিও জিলা প্রশাসনৰ বিষয়াক অৱগত কৰে।
শইকীয়াই পৰিদর্শন কালত উক্ত অঞ্চলত শান্তি সমিতি গঠন কৰি দুটাকে কেম্প নির্মাণ কৰি থকা কার্বি আংলং আৰু নগালেণ্ডৰ ব্যক্তিসকল সৈতেও কথা পাতে আৰু তেওঁলােকক কৰ মানুহ আৰু কিয় ইয়াত আছে,তেওলােকৰ ভােটাধিকাৰ কত আছে আদিও প্রশ্ন কৰে।
আৰক্ষীক কটাক্ষ কৰি শইকীয়াই কয় যে আপােনালােকে সাধাৰণ
লােকক কোনাে পৰিচয়পত্র প্রদর্শন কৰিব নােৱাৰিলে বাংলাদেশী বুলি ডিটেনছন কেম্পত পঠায়। এই সকল লােকৰো কোনাে পৰিচয়পত্র নাই, তেনেস্থলত এইসকল ব্যক্তিৰ বিৰুদ্ধে আপােনালােকে কিয় ব্যবস্থা গ্রহণ কৰা নাই বুলিও প্রশ্ন কৰে।
ইয়াৰ পিছতেই সংবাদমাধ্যমৰ সৈতে হােৱা এক সাক্ষাৎকাৰত শইকীয়াই কয় যে, ইয়ালৈ আহি মই আচৰিত হৈছাে। এই সীমা সমস্যা
যথেষ্ট পুৰণি আৰু উচ্চতম ন্যায়ালয়ত বিচৰাধীন হৈ আছে। যিহেতু এইটো আদালতৰ বিচৰাধীন বিষয় সেয়ে ইয়াত স্থিতাৱস্থা বাহাল থাকিব লাগে।
অসমৰ জাতীয় নায়ক সর্বানন্দ সােলােৱালে চবকাৰ গঠন কৰাৰ পিছত অসমৰ সৈতে চুবুৰীয়া ৰাজ্যৰ সীমা সমস্যা অধিক বৃদ্ধিহে পাইছে। কভিডৰ সময়ত চেকপষ্ট বহােৱাৰ নামত কাষবীয়া ৰাজ্যই অসমৰ ভূমিত আগ্রাসন চলাইছে।
বন মন্ত্রীৰ সমষ্টি ঢলাইত মিজোৰামে অসমৰ মাটি দখল কৰিছে। এগৰাকী লােকৰ মৃত্যু পর্যন্ত ঘটিছে। তথাপিও অসম চৰকাৰে
কোনাে ব্যবস্থা গ্রহণ কৰা নাই। ডিমাছা ছাত্র সংগঠনে দলদাল সংৰক্ষিত বনাঞ্চলত নগাৰ বেদখল চলা বুলি মােক এখন স্মাৰকপত্র
প্রদান কৰিছিল। ইয়াত আহি মই দেখিলাে ইয়াত বুজাপৰা চলিছে।
অসমৰ কেতবােৰ লােক আৰু নগালেণ্ডৰ কেতবােৰ লােক
মিলি শান্তি সমিতি গঠনৰ নামত অসমক সংকুচিত কৰাৰ চেষ্টা কৰিছে। অসম চৰকাৰে আমচাং অভয়াৰণ্য উচ্ছেদৰ নামত ভুলক্রমে ৰাজহ গাঁও পর্যন্ত উচ্ছেদ কৰিলে।
এইসকল লােক আছিল বানে বিভক্ত কৰা বিভিন্ন অঞ্চলৰ পৰা আহি তাত বসতি স্থাপন কৰা অসমৰ খিলঞ্জীয়া লােক। ইয়াৰ বিপৰীতে ইয়াত বৃহৎ হাবি বন ধবংস চলা স্বতেও অসম চৰকাৰ নীৰৱ।
এইসন্দর্ভত তেওঁ অসমৰ মুখ্যমন্ত্রীক ইতিমধ্যে এখন পত্র প্রেৰণ কৰা বুলি জানিবলে দি শীঘ্ৰে এই সন্দর্ভত বিস্তুৃত প্রতিবেদন দাখিল
কৰিব বুলিও জানিবলৈ দিয়ে।
আনহাতে, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে অসমৰ বিভিন্ন প্রান্তত এতিয়া নগাৰ অগ্রাসন চলা বুলি অভিযােগ তুলি কয় যে বিজেপি চৰকাৰে এনএছচিএনৰ সৈতে শান্তি চুক্তি সম্পন্ন কৰাৰ পিছত এই আগ্রাসন অধিক বৃদ্ধি পােৱা বুলি বিধায়কগৰাকীয়ে অভিযােগ তােলে।
তেও নিজা সমষ্টিব লগতে আমগুৰি গােলাঘাট, কাৰ্বি আংলং আদি ইয়াৰ উৎকৃষ্ট প্রমাণ আখ্যা দিয়ে। ইয়াৰ পিছতেই বিৰোধী দলপতিসহ দলটে ডিফুলে আহি আবর্ত ভৱনত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু বনবিভাগৰ শীর্ষ বিষয়াৰ সৈতে এই সন্দর্ভত এক আলােচনাত মিলিত হয়।
অজন্তা নেওগ আমাৰ বহু পুৰণি নেতা, দলে তেওঁক যথেষ্ট দিছে।
আনহাতে, অজন্তা নেওগৰ বিজেপি গমন সন্দৰ্ভত দেৱব্ৰত শইকীয়াই কয় যে বাইদেউ আমাৰ বহু পুৰণি নেতা। যদিহে বিজেপিলে যায় সেই
সন্দৰ্ভত বাইদেউৱে স্পষ্ট কৰাতাে ভাল।
ইপিনে, বিটিচি সন্দৰ্ভ মত্তব্য কৰি তেও কয় যে বিজেপি দলে গণতন্ত্ৰক হত্যা কৰিছে। একক সংখ্যাগবিষ্ঠ দল হিচাপে বিপিএফ দলক ৰাজ্যপালে চৰকাৰ গঠনৰ বাবে আহ্বান জনাব লাগিছিল যদিও সেয়া কৰা নহ’ল। বিটিচিত এতিয়া হােটেল ৰাজনীতি চলা বুলিও মন্তব্য কৰে বিৰোধী দলপতিগৰাকীয়ে।













