ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বিদ্যুৎপৃষ্ঠ হৈ দুটাকৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যু। খেৰণিৰ বগৰিঘাটত সংঘটিত হৈছে এই ঘটনা। উচ্চ বিদ্যুৎশক্তি সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হ’য় হাতী দুটাৰ।
ইয়াৰে এটা মতা আৰু আনটো মাইকী হাতী। তিনি মাহৰ পৰা বগৰিঘাট জনাঞ্চলত বিচৰণ কৰি আছিল এই বনৰীয়া হাতীৰ এটা বৃহৎ জাক। ঘটনাস্থলীত বিভাগীয় লোক উপস্থিত। বিদ্যুৎ বিভাগৰ গাফিলটিত ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।












