![]()
নিউজ ডেস্কঃ
বেঙ্গালুৰুৰ আইফোন কোম্পানীত বেতনৰ দাবীত কর্মীচাৰীসকলৰ বিক্ষোভত ক্ষতি হৈছে ৪৩৭ কোটি টকাৰ। যাৰ ভিচৰত ডেৰ কোটি টকাৰ ফোন অন্তৰ্ধান হোৱা বুলি দাবী কোম্পানীটোৰ। সেই অভিযোগ লৈ এইবাৰ তদন্ত কৰিবলৈ বিশেষ দল পঠাইছে এপলে।
উল্লেখ্য, সম্প্রতি বেতন ঠিকমতে নিদিয়াৰ অভিযোগত তীব্র বিক্ষোভত ফাটি পৰে বেঙ্গালুৰুত আইফোন প্রস্তুতকাৰক কোম্পানী উইষ্ট্ৰন কর্পৰেচনৰ কর্মীচাৰীসকল। তাণ্ডৱ চলোৱাৰ উপৰি অগ্নিসংযোগ কৰা হয় কাৰখানাত। এই সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ এইবাৰ বিশেষ দল পঠাইছে এপলে। কোম্পানীটোৱে কয়, ‘‘এপলে বিচাৰে কোম্পানীটোৰ আন্তঃগাঁথনিযুক্ত যিকোনো অংশক সঠিক নিৰাপত্তা দিবলৈ। ভাৰতৰ উইষ্ট্ৰন কর্পৰেচনৰ কাৰখানাত চলা তাণ্ডৱৰ তদন্ত কৰিবলৈ সেয়ে লগে লগে দল গঠন কৰি ঘটনাস্থলীলৈ পঠাইছে এপলে।’’
স্থানীয় প্রশাসনৰ সৈতে যৌথভাবে এই তদন্ত চলোৱা হ’ব বুলিও জনাইছে কোম্পানীটোৱে। কোৱা হৈছে, ‘‘স্থানীয় প্রশাসনৰ সৈতে নিয়মিত যোগাযোগ ৰখা হৈছে। তদন্তত পূর্ণ সহযোগিতা কৰিব এপলে। তাৰ লগতে পঠোৱা হ’ব অডিটৰৰ এটি দল। তেওঁলোকে ক্ষতিৰ পৰিমাণ তদন্ত কৰি চাব।’’
ইফালে উইষ্ট্ৰন কর্পৰেচনৰ পক্ষৰ পৰা যি অভিযোগ দাখিল কৰা হৈছে, তাত কোৱা হৈছে যে উক্ত দিনাৰ ঘটনাত কোম্পানীটোৰ ক্ষতি হৈছে ৪১২.৫ কোটি টকাৰ। সংবাদ সংস্থাৰ আগত উইষ্ট্ৰন কর্তৃপক্ষই জনাইছে, এই ক্ষতিৰ তালিকাত আছে ১০ কোটি টকাৰ ফোন আৰু ফোনৰ যন্ত্রাংশ। আছে ১০ লাখ টকাৰ গল্ফ কার্ট আৰু গাড়ী৷ তাৰ লগতে পৃথকভাৱে ডেৰ কোটি টকাৰ স্মার্টফোনৰ ক্ষতি হৈছে বা চুৰি হৈছে। তেওঁলোকৰ মতে, যদি বেতন সন্দৰ্ভত তেওঁলোকৰ ক্ষোভ আছিল, তেনেহ’লে কর্তৃপক্ষক যোগাযোগ কৰিব পাৰিলেহেঁতেন কর্মচাৰীসকলে। এনে হিংসা ঠিক নহয়। ইফালে উক্ত ঘটনাৰ গৰিহণা দিছে কর্নাটকৰ উপ-মুখ্যমন্ত্রীয়েও।











