![]()
নিউজ ডেস্কঃ
২৬ নৱেম্বৰৰ পৰা দিল্লী সীমান্তত অৱস্থান বিক্ষোভ কৰি আহিছে কৃষকসকলে। দিল্লী অভিমুখী প্রায় সকলো ৰাষ্ট্ৰীয় ঘাইপথেই স্তব্ধ। এইবাৰ চিল্লা সীমান্তত দিল্লী–নয়ডা ৰাষ্ট্ৰীয় ঘাইপথ খোলাক লৈ বিৰোধ আৰম্ভ হৈছে বিক্ষোভকাৰী কৃষকসকলৰ মাজতেই।
উল্লেখ্য, ১৪ দিন ধৰি বন্ধ হৈ আছে এই ঘাইপথটো। দেওবাৰে কেন্দ্রীয় প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙৰ সৈতে আলোচনাত বহে ভাৰতীয় কিষাণ ইউনিয়ন (ভানু)ৰ সভাপতি ঠাকুৰ ভানুপ্রতাপ সিং। এই কৃষক প্রতিবাদত একেবাৰে সন্মুখৰ পৰা নেতৃত্ব দিছে সংগঠনটোৱে। বৈঠকৰ পিছত ভানুপ্রতাপে স্থিৰ কৰে, দিল্লী–নয়ডা ঘাইপথ খুলি দিয়া হ’ব।
কিন্তু সংগঠনটোৰ বাকী নেতাসকলে এই সিদ্ধান্ত মানিবলৈ সন্মত নহয়। সংগঠনটোৰ উত্তৰ প্রদেশ শাখাৰ প্রধান যোগেশ প্রতাপে বিগত ১২ দিন ধৰি এই পথটোত অৱস্থান কৰি আছে। তেওঁ জনাইছে, এই ৰাষ্ট্ৰীয় ঘাইপথ খোলা নহ’ব। তেওঁ তাত আমৰণ অনশন কৰিব। ফলত নিশাৰ ভিতৰতে পথটো প্রতিবাদস্থলীলৈ সলনি হৈ গৈছে। তাত চলিছে ধর্মগ্রন্থ পাঠ।
ইফালে ভানুপ্রতাপৰ ঘাইপথ খোলাৰ সিদ্ধান্তৰ প্রতিবাদত ইস্তফা দিছে সংগঠনটোৰ সাধাৰণ সম্পাদক চিমহেন্দ্র সিং চৌৰোলি, ৰাষ্ট্ৰীয় মুখপাত্র সতীশ চৌধুৰীয়ে। উল্লেখ্য, ইয়াৰ পূৰ্বে কেন্দ্রই অনা তিনিখন কৃষি আইনৰ বিৰুদ্ধে ছুপ্রিম কোর্টলৈও গৈছে সংগঠনটো। এইবাৰ তেওঁলোকৰ অন্তৰভাগতে ফাট মেলিছে।











