নিউজ ডেক্স:
ইউৰোপ, আমেৰিকাত বছৰ বিদায় উৎসৱ আৰম্ভ হোৱাৰ লগতে চলিছে বৰদিনৰ প্রস্তুতিও। তাৰ মাজতেই নিউয়র্কৰ এটা গীর্জাত আক্ৰমণ চলায় এক অজ্ঞাত বন্দুকধাৰীয়ে।
স্থানীয় সময় দেওবাৰে বিয়লি চাৰি বজাত মেনহাটনৰ ছেণ্ট জন কেথিড্ৰেলত এই ঘটনাটি ঘটে। গীর্জাত আউটডে’ৰ কেৰল উপলক্ষে শতাধিক মানুহৰ সমাবেশ হৈছিল। অনুষ্ঠানৰ শেষত ঘৰলৈ উভতাৰ সময়তে সমাবেশটোক লক্ষ্য কৰি গীর্জাৰ চিৰিৰ পৰা ধাৰাষাৰে গুলী চলায় এজন আততায়ীয়ে। তেওঁৰ বয়স আনুমানিক ৫০ বছৰ। আতঙ্কত ছত্ৰভংগ দিবলৈ আৰম্ভ কৰে উপস্থিত জনতাই।
কিন্তু আৰক্ষীৰ তৎপৰতাত ডাঙৰ বিপদ ৰোধ কৰাটো সম্ভৱ হয়। গুলীচালনাৰ লগে লগে আক্ৰমণকাৰীক প্ৰত্যাক্ৰমণ কৰে আৰক্ষীয়ে। ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আক্ৰমণকাৰী। পিছত হস্পিটেলত মৃত্যু হয় আততায়ীজনৰ।
আৰক্ষীৰ গুলীয়ে আততায়ীৰ বুকু আৰু মূৰ ভেদ কৰি যোৱা বুলি খবৰ লাভ কৰা হৈছে। কিন্তু আক্ৰমণকাৰীৰ পৰিচয় আৰু আক্ৰমণৰ উদ্দেশ্য এতিয়াও জানিব পৰা হোৱা নাই।
ঘটনাস্থলীৰ পৰা এটি বেগ উদ্ধাৰ কৰে আৰক্ষীয়ে। তাৰ পৰা একাধিক সন্দেহজনক সামগ্রী উদ্ধাৰ কৰা হৈছে। বেগটোত আছিল গেছ’লিনকে ধৰি একাধিক সামগ্ৰী। ঘটনাস্থলীৰ পৰা দুটি বন্দুকো উদ্ধাৰ হৈছে। ইয়াৰ পৰা আৰক্ষীৰ ধাৰণা, বৃহৎ আক্ৰমণৰ পৰিকল্পনা কৰিছিল আক্ৰমণকাৰীয়ে।











