![]()
নিউজ ডেস্কঃ
দিল্লী সীমান্তত আন্দোলনত যিসকল নামিছে, তেওঁলোক প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বিৰোধী। তেওঁলোক কোনোৱেই কৃষক নহয়। এই অভিযোগ কেন্দ্রীয় কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰৰ। এই বিষয়ত কেন্দ্রীয় কৃষিমন্ত্রীগৰাকীয়ে কয়, চৰকাৰে সফলতাৰে কৃষকসকলৰ সৈতে আলোচনা চলাই নিছে। কিন্তু কৃষক সংগঠনবোৰ নিজৰ মাজতেই ঐকমত্যত উপনীত হ’ব পৰা নাই।
উল্লেখ্য, কৃষকসকলৰ আন্দোলনত সমাজবিৰোধীসকলৰ উপস্থিতিক লৈ পূৰ্বেই বিতর্ক আৰম্ভ হৈছিল। কেন্দ্রৰ তৰফৰ পৰা এটি অভিযোগ উঠে যে কৃষক আন্দোলনত বহু সমাজবিৰোধীও চামিল হৈছে। তাৰ আগতে কেন্দ্রৰ অভিযোগ আছিল কৃষকসকলৰ আন্দোলনক ৰাজনৈতিকভাবে ব্যৱহাৰ কৰিছে বামদল, মাওবাদী শিবিৰবোৰে। তাৰ প্রেক্ষাপটতেই আহে সমাজবিৰোধীৰ প্রসঙ্গ।
আনহাতে, পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী মতেই সোমবাৰে পুৱা ৮টাৰ পৰা বিয়লি ৫টালৈ অনশনত বহে আন্দোলনকাৰী কৃষকসকল। লগতে বিভিন্ন স্থানত ধৰ্ণা কাৰ্যসূচীও চলাই গৈছে।
দিল্লী সীমান্তত কৃষক বিদ্ৰোহে আজি ১৯ দিনত ভৰি দিয়ে। ইতিমধ্যে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে আন্দোলনক সমর্থন জনাই আন্দোলনৰত কৃষকসকলক সাক্ষাৎ কৰিছে। আজিৰ অনশন কাৰ্যসূচীতো দিল্লীৰ মুখ্যমন্ত্রীগৰাকীয়ে যোগ দিয়ে।











