![]()
নিউজ ডেস্কঃ
বজৰং দলক ফেচবুকৰ নিৰাপত্তা নির্ধাৰক দলে ‘ভয়ঙ্কৰ’ আখ্যা দিলেও ফেচবুক কর্তৃপক্ষই তেওঁলোকৰ প্রতি নৰম মনোভাব দেখুৱাইছে। দেওবাৰে বিশ্ব খ্যাত ৱালষ্ট্ৰিট জাৰ্নেলত প্রকাশিত এটি ৰিপোর্টত এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। যাৰ ফলত এতিয়া পুনৰ বিতর্ক সৃষ্টি হৈছে।
কিন্তু কিয় এই মনোভাব? ফেচবুকৰ নিজৰ ৰিপোর্টতে কোৱা হৈছে, ‘বজৰং দলৰ প্রতি কঠোৰ মনোভাব দেখুৱালে ভাৰতত ফেচবুকে ব্যৱসায়িক ক্ষতিৰ সন্মুখীন হ’ব লাগিব পাৰে। ইয়াৰ উপৰি ফেচবুকৰ কর্মচাৰীসকলো সমস্যাত পৰিব পাৰে।’ সেই ৰিপোর্টৰ বক্তব্য অধিক প্রতিষ্ঠিত হয় আগষ্টত ৱালষ্ট্ৰিট জাৰ্নেলত প্রকাশিত এক সংবাদত। তাত কোৱা হৈছিল, মুছলিমবিৰোধী মন্তব্য কৰাৰ পিছতো বিজেপিৰ এজন শীর্ষ নেতাক বিশেষ সুবিধা দিছে ফেচবুকে। কেৱল মাত্র ব্যৱসায়িক দিশৰ কথা মূৰত ৰাখিয়ে এই কাম কৰা হৈছে বুলি অভিযোগো উঠে।
সেই অভিযোগৰ পিছত ফেচবুকৰ ভাৰত, দক্ষিণ আৰু মধ্য এছিয়াৰ নীতি নির্ধাৰক দলৰ প্রধান আঁখি দাসে পদত্যাগ কৰে।
কিন্তু বজৰং দলৰ ওপৰত উঠা অভিযোগ অৱশ্যে সাম্প্রতিক এটি ভিডিওক কেন্দ্র কৰি। ভিডিওটিত নতুন দিল্লীৰ উপকণ্ঠত এটি গীর্জাত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে বজৰং দলে। সেই ভিডিওটি প্রায় আঢ়ৈ লাখ ভিউ হৈছে। ইয়াৰ পিছতো ফেচবুকত ভিডিওটি নিষিদ্ধ কৰা হোৱা নাই। তাৰ পিছতেই বজৰং দলক লৈ সমালোচনাত কোম্পানীটোৰ নিজস্ব ৰিপোর্টত কোৱা হৈছে, ‘বজৰং দলক ফেচবুকত নিষিদ্ধ কৰিলে কোম্পানীটোৰ বিষয়া-কর্মচাৰীসকল আক্ৰমণৰ চিকাৰ হ’বলগীয়া হ’ব পাৰে।’
অৱশ্যে কোম্পানীটোৰ পৰা এই বিষয়ত ভিন্ন সুৰো শুনিবলৈ পোৱা গৈছে। কোনো কোনোৱে সেই ৰিপোর্টক লৈ কৈছে, ফেচবুকে এনে পক্ষপাতদুষ্ট আচৰণ কৰিলে কোম্পানীটোৰ নীতিক লৈ ভাৰতত প্রশ্ন উঠিব পাৰে। গতিকে ঘটনাটোৰ দায়িত্ব এৰাই চলিছে ফেচবুক কর্তৃপক্ষই। ৱালষ্ট্ৰিট জাৰ্নেলৰ ৰিপোর্টতেই ফেচবুকৰ পক্ষৰ পৰা জনোৱা হৈছে, ‘ফেচবুকৰ নীতি সকলো দেশ বা সংগঠনৰ বাবে একে ধৰণৰ। তেনে ক্ষেত্রত কাকোৱে পৃথকভাৱে ৰেহাই দিয়া নহয়।’ কিন্তু তাৰ পিছতো কিয় বজৰং দলৰ এই ভিডিওই অনুমতি পালে, তাৰ ব্যাখ্যা লাভ কৰা হোৱা নাই।











