![]()
নিউজ ডেস্কঃ
নতুন কৃষি আইনৰ প্ৰশংসা প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ। কৃষি আইনৰ বিৰুদ্ধে আন্দোলন তীব্ৰ হোৱাৰ মাজতেই শনিবাৰে ফেডাৰেচন অব ইন্ডিয়ান চেম্বাৰ অব কমাৰ্চৰ ৯৩তম বার্ষিক সভাত তেওঁ পুনৰ এবাৰ আইনৰ সুফল ডাঙি ধৰাৰ চেষ্টা কৰে। এই সভাৰ বক্তৃতা যেন হৈ উঠিল নতুন কৃষি আইনৰ গুণ গোৱা মঞ্চ।
নতুন কৃষি আইনৰ ফলত কৃষি আৰু তাৰ সহযোগী বাণিজ্য ক্ষেত্রবোৰৰ মাজত দূৰত্ব দূৰ হ’ব বুলি ভাবে প্রধানমন্ত্রীয়ে। তেওঁ কয়, ‘‘কোনো বাণিজ্য ক্ষেত্রত যদি অপ্রয়োজনীয় বাধা সৃষ্টি হয়, তেনেহ’লে সেইটো কোনো দিনেই নিজৰ মতে গঢ়ি উঠিব নোৱাৰে।’’ তাৰ পিছতেই তেওঁ কৃষি আইনৰ প্রতি দৃষ্টি আকর্ষণ কৰে।
‘‘কৃষি আন্তঃগাঁথনি, খাদ্য প্রক্রিয়াকৰণ, ফচল সঞ্চয়, ইত্যাদি ভিন্ন ভিন্ন কৃষি নির্ভৰ বাণিজ্যক্ষেত্রবোৰৰ মাজত অদৃশ্য দেৱাল আছে। নতুন আইনৰ ফলত সেই দেৱাল আঁতৰি গৈছে। সেয়ে নতুন কষি আইনে কৃষকসকলৰ বাবে নতুন দিশ উন্মোচন কৰিব। উপনীত কৰাব নতুন প্রযুক্তি আৰু বজাৰ। দেশৰ কৃষকসকলেই ইয়াৰ পৰা সকলোতকৈ বেছি লাভৱান হ’ব’’, তেওঁৰ ভাষণত এই দাবী কৰে মোদীয়ে।











