![]()
নিউজ ডেস্কঃ
তীব্ৰ যুঁজৰ ফালে আগবাঢ়িছে মাৰাডোনাৰ সম্পত্তিৰ ভাগতৰাক লৈ। আদালতত দাবী উঠিছে, প্রমাণ সংগ্রহৰ বাবে প্ৰয়োজন হ’লে মাৰাডোনাৰ কবৰ খন্দা হওক।
অনুমান মতে, প্রয়াত মাৰাডোনাৰ সম্পত্তিৰ পৰিমাণ ১-৪ কোটি ডলাৰ। আৰু এই বিপুল সম্পত্তিৰ নতুন মালিক কোন হ’ব, তাকে লৈ টনা-আঁজোৰা কেৱল মাৰাডোনাৰ ল’ৰা-ছোৱালী বা প্রাক্তন পত্নী-প্ৰেয়সীসকল আছে কেৱল সেয়াই নহয়, যুঁজত নামিবলৈ আগবাঢ়িছে সাংবাদিক, চিত্রগ্রহণকাৰীসকলো।
সমস্যা অধিক বাঢ়িছে মাৰাডোনাই কোনো উইল কৰি নোযোৱাৰ বাবে। আর্জেন্টিনাৰ আইন অনুযায়ী এজন ব্যক্তিয়ে তেওঁৰ উইলত সম্পত্তিৰ এক তৃতীয়াংশ পত্নী-সন্তানৰ উপৰি বাকীসকলৰ মাজত ইচ্ছামতে ভাগ কৰি দিব পাৰে। কিন্তু দুই তৃতীয়াংশ পত্নী-সন্তানসকলৰ বাবে ৰাখিবই লাগিব। যিহেতু মাৰাডোনাৰ কোনো উইল নাই, সেয়ে সম্পত্তিৰ যুঁজ আৰু কঠিন হ’ব। যিসকলে নিজকে মাৰাডোনাৰ সন্তান বুলি দাবী কৰিছে, কিন্তু মাৰাডোনাই তেওঁলোকক কেতিয়াও স্বীকৃতি দিয়া নাই, তেওঁলোকৰ গোচৰ আদালতত উঠিলে ডিএনএ পৰীক্ষা হ’ব। ইতিমধ্যেই দাবী উঠিছে, তেনে ক্ষেত্রত মাৰাডোনাৰ কবৰ খন্দা হওক।













