![]()
নিউজ ডেস্কঃ
যেন হুলেৰেই হুল কাঢ়িব আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ৷ কৃষক আন্দোলন ক্ৰমাৎ দেশৰ বিভিন্ন প্রান্তত বিয়পি পৰা দেখি এইবাৰ নিজৰ কৃষক সংগঠনক যুদ্ধ ক্ষেত্ৰত নমোৱাৰ পৰিকল্পনা কৰিছে আৰএছএছে। বিজেপি আৰু আৰএছএছে যৌথভাবে তেওঁলোকৰ কৃষক সংগঠন কিষাণ মৰ্চাৰ শাখাসমূহেৰে গাঁৱে গাঁৱে অনুষ্ঠিত কৰিব কৃষক সভা৷ লগতে গ্ৰহণ কৰিব আন কেতবোৰ কার্যসূচীও৷ অহা সপ্তাহৰ পৰা এই কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। এই কাৰ্যসূচীৰ জৰিয়তে কৃষকসকলৰ শংকা দূৰ কৰাৰ লগতে নতুন আইনকেইখনে তেওঁলোকক কেনেদৰে সহায় কৰিব তাৰ প্রচাৰ কৰা হ’ব।
আৰএছএছৰ কৃষক সংগঠন ভাৰতীয় কিষাণ সঙ্ঘই গাঁৱে গাঁৱে এই কাৰ্যসূচীবোৰ ৰূপায়ণৰ বাবে তেওঁলোকৰ সকলো গোটক নির্দেশ দিছে৷ ইফালে বিজেপিৰ কিষাণ মর্চাৰ সভাপতি তথা সাংসদ ৰাজকুমাৰ চাহাৰে জনোৱা মতে, তেওঁলোকে কৃষক প্রতিনিধি আৰু চৰকাৰৰ মাজৰ আলোচনা শেষ হোৱালৈ অপেক্ষা কৰিছে। তাৰ পিছত প্রতিখন গাঁৱলৈ গৈ সভা অনুষ্ঠিত কৰিব। উক্ত সভাবোৰত দলৰ সদস্য আৰু স্থানীয় প্রতিনিধিসকলে কৃষকসকলক এই আইনৰ উপকাৰিতা সম্পৰ্কে বুজাব। আইনকেইখনক লৈ সৃষ্টি হোৱা তেওঁলোকৰ শংকা দূৰ কৰাৰ চেষ্টা কৰিব। বিৰোধীয়ে যি কৰি আছে সেয়া যে কেৱল এক নীচ ৰাজনীতি সেই কথাও কৃষকসকলক বুজাব।











