![]()
নিউজ ডেস্কঃ
হৃদৰোগত আক্রান্ত হৈছে বলিউডৰ জনপ্ৰিয় কৰিঅ’গ্রাফাৰ তথা পৰিচালক ৰেমো ডি চুজা। তেওঁ বৰ্তমান মুম্বাইৰ কোকিলাবেন হস্পিটেলত ভৰ্তি।
প্রথম অৱস্থাত বলিউড তাৰকাগৰাকীৰ শাৰীৰিক অৱস্থা যথেষ্ট সংকটজনক বুলি শুনিবলৈ পোৱা গৈছিল। এক সংবাদ মাধ্যমে ৰেমোৰ পত্নী লিজেল ডি চুজাৰ সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশ কৰিছিল যে ৰেমোক ইনটেনছিভ কেয়াৰ ইউনিট ৰখা হৈছে। আগন্তুক ২৪ ঘণ্টা তেওঁৰ শৰীৰৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ। ৰেমোৰ হার্টত ব্লকো পোৱা গৈছে। পিছত অৱশ্যে সংবাদ সংস্থা এএনআইয়ে টুইট কৰি জনায় যে ৰেমোৰ শাৰীৰিক অৱস্থা সুস্থিৰ। তেওঁক আইচিইউত ৰখা হোৱা নাই।
উল্লেখ্য, ১৯৭৪ চনত বেঙ্গালুৰুত জন্ম হৈছিল ৰেমো ডি চুজাৰ। পিতৃ আছিল ভাৰতীয় সেনাৰ শ্বেফ। সেই সুবাদতে বায়ুসেনাৰ স্কুলত ৰেমোৰ পঢ়াশুনা হৈছিল। পঢ়াশুনাতকৈ খেলা-ধূলাত বেছি ভাল আছিল ৰেমো। লাহে লাহে তেওঁৰ নৃত্যৰ প্ৰতি অনুৰাগ জন্মে। নৃত্যৰ প্ৰতি থকা প্রেমেই তেওঁক মুম্বাইলৈ লৈ আহে। বলিউডৰ একাধিক ছবি আৰু মিউজিক ভিডিওত কৰিঅগ্রাফাৰ হিচাবে কাম কৰে। কেমেৰাৰ সন্মুখলৈ আহে ৰিয়েলিটি শ্ব ‘ডান্স ইণ্ডিয়া ডান্স’ৰ বিচাৰক হিচাবে। মিঠুন চক্রৱর্তীৰ অভিনীত বাংলা ছবি ‘লাল পাহাৰৰ কথা’ৰ জৰিয়তে পৰিচালকৰূপে আত্মপ্ৰকাশ কৰে ৰেমোই। পিছত ‘ফাল্টু’, ‘এবিচিডি’ ছিৰিজ, ‘আ ফ্লাইং জট’, চলমন খান অভিনীত ‘ৰেচ থ্রি’, বৰুণ ধাৱান অভিনীত ‘ষ্ট্ৰিট ডান্সাৰ’ৰ দৰে ছবি পৰিচালনা কৰে।











