![]()
নিউজ ডেস্কঃ
দিল্লী আৰু সিংঘু সীমান্তত আন্দোলনৰত কৃষকসকলৰ উদ্দ্যেশ্যে বহুওৱা হ’ল চাপাটি মেচিন। এক ঘণ্টাত ২ হাজাৰ ৰুটি বনাব এই মেচিনে। নতুন কৃষি আইন প্রত্যাহাৰৰ দাবীত দিল্লী-হাৰিয়ানা, সিংঘু সীমান্তত প্রায় কেইবা হাজাৰ কৃষক একগোট হৈছে। চৰকাৰে তেওঁলোকৰ দাবী মানি নোলোৱা পর্যন্ত এই বিক্ষোভ চলিব বুলি স্পষ্টকৈ জনাইছে কিষাণ সংগঠনৰ কৃষকসকলে।
আজি ১৫ দিন পাৰ হ’ব কৃষকসকলে দিল্লী-টিকৰি সীমান্তত তম্বু তৰি থকা। শীতৰ বতৰত যাতে একেলগে কেইবা হাজাৰ কৃষকৰ মুখত দুটি গৰম ৰুটি তুলি দিব পৰা যায়, তাৰ বাবে এইবাৰ তাত বহুওৱা হ’ল ৰুটি মেচিন। সাধাৰণতে এই মেচিনবোৰ অমৃতসৰৰ স্বর্ণমন্দিৰ আৰু গুৰুদ্বাৰবোৰত ব্যৱহাৰ কৰা হয় প্রসাদ বনোৱাৰ বাবে।
ৰুটি বনোৱা ভিডিও ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগেই বহুতে ইয়াৰ প্রশংসা কৰিছে। ইয়াৰ উপৰি খালছা এইড ফাউন্ডেচনে চাহ আৰু স্নেকছৰ ব্যৱস্থা কৰিছে বিক্ষুদ্ধ কৃষকসকলৰ বাবে। ফাউণ্ডেচনৰ প্রতিষ্ঠাতা অমৰপ্রীত সিঙে সংবাদ মাধ্যমক জনাইছে যে তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰত মহিলা কৃষকসকলৰ বাবে উক্ত স্থানত ২০টা সৰু টয়লেট নিৰ্মাণত সহায় কৰিছে।










