![]()
নিউজ ডেস্কঃ
ঐতিহ্যবাহী সংসদ ভৱন ভাঙি নতুনকৈ সংসদ ভৱন নিৰ্মাণৰ প্রয়োজনীয়তা কি আছিল ? মোদী চৰকাৰৰ ৯৭১ কোটি টকা ব্যয়েৰে নতুন সংসদ ভৱন নিৰ্মাণৰ পৰিকল্পনাৰ কথা ঘোষণা কৰোতেই এই প্রশ্নত বিদ্ধ কৰিছিল বিৰোধীয়ে। এইবাৰ তেওঁলোকক প্ৰত্যুত্তৰ দিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। চেণ্ট্ৰেল ভিষ্টা প্রকল্পৰ শিলান্যাস কৰি প্রধানমন্ত্রীৰ ঘোষণা, পুৰাতন সংসদ ভৱন ভাৰতৰ স্বাধীনতা সংগ্রামৰ আৰু গণতান্ত্রিক দেশ হিচাবে ভাৰতৰ আত্মপ্রকাশৰ সাক্ষী আছিল। আৰু এই নতুন সংসদ ভৱন দেশ ‘আত্মনির্ভৰ’ হৈ উঠাৰ সাক্ষী হৈ থাকিব।
নতুন ভৱনৰ ভূমি পূজনৰ পিছত প্রধানমন্ত্রীয়ে কয়, পুৰণি সংসদ ভৱনৰ ঐতিহ্যৰ কথা শিৰোধার্য হ’লেও পুৰাতন এই ভৱনৰ আধুনিকীকৰণ প্রয়োজন। মোদীৰ মতে, “এই নির্মাণ ১০০ বছৰৰ পুৰাতন। অতীজত বহুবাৰ প্রয়োজন অনুযায়ী সংস্কাৰ কৰিবলগা হৈছে। কেতিয়াবা ভৱনৰ প্ৰাচীৰ ঠিক কৰিবলগা হৈছে, কেতিয়াবা ছাউণ্ড ছিষ্টেম ঠিক কৰিবলগা হৈছে। বহু সময়ত বহাৰ স্থান বৃদ্ধিৰ বাবে দেৱালো ভাঙিবলগা হৈছে। কিন্তু এই ইমাৰতে এইবাৰ উত্তৰ বিচাৰিছে। একৈশ শতিকাৰ নতুন সংসদৰ প্রয়োজন। নতুন সংসদ ভৱনত বহু নতুন কাম কৰা হৈছে, যাৰ দ্বাৰা সাংসদসকলৰ কামৰ পৰিধি বাঢ়িব, কৰ্মসংস্কৃতিলৈ আধুনিকতা আহিব।
মোদীয়ে কয় যে নতুন ভৱন নিৰ্মাণ হ’লে উপকৃত হ’ব সাধাৰণ মানুহো। বক্তমান সংসদ চৌহদলৈ সাংসদসকলৰ সৈতে কথা পাতিবলৈ আহিলে সাধাৰণ মানুহৰ সমস্যা হয়। স্থানৰ অভাৱত কাম কৰিবলৈ অসুবিধা হয়। নতুন ব্যৱস্থাত সংসদ চৌহদতেই সাংসদসকলৰ বাবে পৃথককৈ সাধাৰণ মানুহৰ সৈতে মত বিনিময়ৰ স্থান দিয়া হ’ব। প্রধানমন্ত্রীৰ দাবী, পূৰ্বৰ সংসদ ভৱন বহু ঐতিহ্যৰ সাক্ষী হৈ থাকিলেও সেয়া নিৰ্মাণ হৈছিল পৰাধীন ভাৰতত। দেশৰ ভৱিষ্যৎ প্রজন্মই গর্ববোধ কৰিব, যে এইটো স্বাধীন ভাৰতত নিৰ্মাণ হৈছে।
তেওঁ লগতে কয়, “আজি যি মন্দিৰ প্রতিষ্ঠিত হ’ল, তাৰ প্রাণ প্রতিষ্ঠা এতিয়াও বাকী। যিটো কৰিব লাগিব নির্বাচিত জনপ্রতিনিধিসকলে।” প্রধানমন্ত্রীয়ে কয়, “আমি এইবাৰ নতুন সংকল্প গ্ৰহণ কৰিব লাগিব, সেইটো হ’ল ‘ইণ্ডিয়া ফাৰ্ষ্ট’। প্রত্যেক নাগৰিকে প্রতিজ্ঞা কৰিব লাগিব, এতিয়াৰে পৰা আমি যি যি কৰিম, যি যি পদক্ষেপ গ্ৰহণ কৰিম, সকলোবোৰ দেশৰ ভালৰ বাবে। দেশহিতেই সর্বোপৰি। আহক আমি শপত লওঁ, আমাৰ বাবে দেশহিততকৈ ডাঙৰ কোনো হিত হ’বই নোৱাৰে। আমাৰ বাবে দেশৰ অখণ্ডতাৰ বাহিৰে অন্য একোৱেই গুৰুত্ব পাবই নোৱাৰে।”











