![]()
নিউজ ডেস্কঃ
ন্যূনতম সমৰ্থন মূল্য (এমএছপি)ক লৈ কেন্দ্ৰীয় চৰকাৰৰ লিখিত আশ্বাসতো অলৰ-অচৰ কৃষকসকল। প্রতিবাদৰ পাৰা স্তম্ভ আৰু বৃদ্ধি কৰি আদানি লিমিটেড আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড কোম্পানী দুটিৰ সকলো পণ্যদ্রব্য বয়কট কৰাৰ ঘোষণা কৰিলে কৃষক সংগঠনবোৰৰ শীর্ষনেতাসকলে। এই তালিকাৰ পৰা বাদ পৰা নাই দেশজুৰি বহুল ব্যৱহৃত জিঅ’ টেলিসেৱাও।
সিংঘু সীমান্তত কৃষক নেতাসকলে সাংবাদিকসকলক জনায়, ছয়টা পৰ্যায়ৰ বৈঠকত আপত্তি সত্ত্বেও চৰকাৰে কৃষি আইন প্রত্যাহাৰ কৰা নাই, সেয়ে আন্দোলনে আৰু ব্যাপকতা লাভ কৰিব। ১২ ডিচেম্বৰত দিল্লী-জয়পুৰ আৰু দিল্লী-আগ্রা ৰাজপথ অৱৰোধ কৰা হ’ব আৰু পথত কোনো টোল প্লাজাত পইচা দিয়া নহ’ব। তাৰ লগতে আদানি আৰু ৰিলায়েন্স কোম্পানীৰ সকলো পণ্যদ্রব্য বয়কট কৰাৰ আহ্বান জনাইছে কৃষকসকলে।
আনহাতে, কেন্দ্রীয় চৰকাৰে জনায়, কৃষকসকলৰ সমস্যাৰ দিশবোৰ ভাবি চোৱা হ’লেও কৃষি আইন প্রত্যাহাৰ কৰা নহ’ব। এমএছপি সংক্রান্তীয় দাবীত লিখিত আশ্বাস দিয়াৰ প্রতিশ্রুতিও দিয়া হৈছে। কিন্তু আইন এই আংশিক সংশোধনক লৈ সুখী নহয় আন্দোলনৰত কৃষকসকল। গোটেই আইনেই প্রত্যাহাৰৰ দাবীত অটল তেওঁলোক।











