![]()
নিউজ ডেস্কঃ
বর্তমান যি দৰমহা পাই কোনো কর্মীয়ে, সেয়া হ্ৰাস পাব অতি সোনকালেই । কেন্দ্রীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি এই কথা জানিব পৰা গৈছে । তথ্য অনুসৰি কোনো কর্মীৰ যি পে’ পেকেজ, তাৰ পৰা বহু কেইটা ভাট্টা কমি যাব ২০২১ চনৰ এপ্রিল মাহৰ পৰা । নতুন সংশোধিত বেতন বিল অনুসৰি এয়াই হ’ব অহা বছৰৰ পৰা।

ক’ড অফ্ ৱেজেছ, ২০১৯-ৰ নতুন নিয়ম আৰম্ভ হ’ব পৰবর্তী বিত্তীয় বর্ষৰ ২০২১ চনৰ এপ্রিল মাহৰ পৰা। নতুন নিয়ম অনুযায়ী দৰমহা অনুসৰি যি বিশেষ ভাট্টা দিয়া হয়, সেয়া মূল দৰমহাৰ ৫০ শতাংশতকৈ বেছি হ’ব নোৱাৰিব। অৰ্থাৎ মূল দৰমহাতকৈ বেছি হ’ব নোৱাৰিব কোনো ভাট্টা । মূল দৰমহা বৃদ্ধি হ’লে প্রভিডেন্ট ফাণ্ড আৰু গ্রেচুয়িটিৰ টকা কৰ্তনৰ পৰিমাণো বৃদ্ধি পাব, যাৰ প্রভাৱ পৰিব কর্মীসকলৰ হাতত পৰা দৰমহাৰ ওপৰত ।











