নিউজ ডেক্স:
গাজাৰ একমাত্র পৰিচিত ইৰানী ব্যক্তিজন – দীর্ঘদিন পেলেস্তাইনী নেতা য়াছেৰ আৰাফতৰ দেহৰক্ষী হিচাপে কাম কৰি অৱসৰ লোৱা প্ৰাপ্তবয়স্ক আবু হাছেমে এতিয়া কেৱল নিজ দেশলৈ ঘুৰি যোৱাৰ সপোন দেখে ৷ কিন্তু দুখজনক ভাৱে তেখেত বৰ্তমান পৰদেশত বন্দী ।
শুক্রবাৰে গাজাৰ মছজিদৰ বাহিৰত ভিক্ষাবৃত্তিৰ বাবে বাধ্য হোৱাৰ বহু আগতে, আবু হাছেম পেলেস্তাইনৰ পক্ষে আকৃষ্ট হোৱা তৰুণ তেহৰানৰ বাসিন্দা আছিল ৷
তেখেতে জনাইছে যে তেখেতে ৪০ বছৰ পূৰ্বে ইৰানৰ ৰাজধানী ত্যাগ কৰিছিলে আৰাফতৰ তেতিয়াৰ বেৰুটত অৱস্থিত পেলেস্তাইনী মুক্তি সংস্থাত যোগ দিবলৈ, যি লেবাননৰ গৃহযুদ্ধৰ বহু কেইটা সশস্ত্র যোগদানকাৰী দলৰ ভিতৰত অন্যতম আছিল।
আবু হাছেমে বৰ্তমান তেওঁ নিজ দেশলৈ ঘুৰি যাবলৈ অতিকৈ আগ্ৰহী বুলি জনোৱাৰ লগতে কয় যে ইৰানৰ নৰ্দমাবোৰো গাজাতকৈ ভাল ৷











